উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা। মইনপুৰীৰ ইব্ৰাহিমপুৰ গাঁৱত দুমহলীয়া ঘৰৰ চাল ভাঙি একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাৰ মৃত্যু হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছা পৰিছে জিলাখনত।
ঘটনা সন্দৰ্ভত মইনপুৰীৰ উপ-অধীক্ষক সত্য প্ৰকাশ শৰ্মাই কয় যে, ছাদ ভাঙি ৩ গৰাকী মহিলাৰ মৃত্যু হৈছে। আন কোনো লোক আহত হোৱা নাই।
আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি, ভাঙি পৰা ঘৰটো আছিল ১৫-১৬ বছৰীয়া। ধাৰাসাৰ বৰষুণৰ ফলত চাদখন ভাঙি পৰা বুলি দাবী কৰা হৈছে।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দলে ভিতৰত আৱদ্ধ হোৱা লোকসকলক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখে।