টিভি ইণ্ডাষ্ট্ৰিৰ পৰা আহিছে এক অতি বেদনাদায়ক খবৰ। টেলিভিশ্যন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতাই হেৰুৱালে প্ৰাণ। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে ব্যথিত কৰি তুলিছে তেওঁৰ অনুৰাগী সকলক।
প্ৰাপ্ত খবৰ অনুসৰি, অভিনেতা বিকাশ ছেঠী আৰু নাই। বিশ্বাস কৰিবলৈ কঠিন যদিও জনপ্ৰিয় টিভি শ্ব’ ‘কিউকি ছাছ ভি কভি বহু থি’ৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা বিকাশৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে মৃত্যু হয়।
কেইবাখনো জনপ্ৰিয় টিভি শ্ব’ত কাম কৰা অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাত্ৰ ৪৮ বছৰ। ‘কহি তো হোগা’, ‘কিউ হোটা হ্যা প্যাৰ’, ‘কছাউতি জিন্দগী কে’, ‘গুস্তাখ দিল’, ‘জাৰা নাচকে দিখা’, সসুৰাল ছিমাৰ কে আদিৰ দৰে জনপ্ৰিয় ছিৰিয়েল তথা অনুষ্ঠানত কৰা অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল বিকাশে।
ইয়াৰ উপৰি তেওঁ বহু ছবিত কাম কৰিও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।