ভাৰতৰ বাবে স্বপ্ন ভংগৰ অলিম্পিক হিচাপে পৰিগণিত হৈছে এইবাৰৰ পেৰিছ অলিম্পিকৰ খেলপথাৰ। এই পৰ্যন্ত প্ৰতিযোগিতাখনত ভাৰতে মাত্ৰ ৩ টা ব্ৰঞ্জৰ পদকতেই সন্তুষ্ট আছে। ইয়াৰ উপৰি এই তিনিওটা পদক আহিছে কেৱল শ্বুটিঙৰ পৰাই।
পিছে তাৰ মাজতেই আজি বিনেশ ফোগাটে মহিলাৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাই নহয়, সোণৰ পদকৰো অংশীদাৰ হৈ পৰিছে।
ইতিমধ্যে তেওঁৰ ৰূপৰ পদক নিশ্চিত হৈছে। ভাৰতৰ অলিম্পিক ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে তেওঁ ফাইনেলত উপনীত হৈছে।
বিনেশৰ খেল ৫৩ কিলোগ্ৰাম মহিলা কুস্তিৰ ফ্ৰীষ্টাইল শাখাত দিনৰ ১১ বাজি ২৩ বজাত অনুষ্ঠিত হ’ব।
সামাজিক মাধ্যমত বিনেশ ফোগাটক লৈ যথেষ্ট চৰ্চা বৃদ্ধি পাইছে। কিয়নো কিছুদিন পূৰ্বে সৰ্ব ভাৰতীয় মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে তেওঁক চোঁচৰাই নিছিল দিল্লী আৰক্ষীয়ে।
উল্লেখ্য যে, বৰ্তমানলৈকে কোনো এখন প্ৰতিযোগিতাতেই পৰাস্ত নোহোৱা, টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা তথা বিশ্ব চেম্পিয়ন জাপানৰ য়ু-চুচাকিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। পূৰ্বে তেওঁ এবাৰো জাপানৰ য়ু-চুচাকিৰ সৈতে মুখামুখি হোৱা নাছিল। কিয়নো পূৰ্বতে তেওঁ ৫৩ কেজি শাখাতহে প্ৰতিদ্বণ্ডিতা কৰিছিল, কিন্তু এইবাৰ তেওঁ ৫০ কেজি শাখাতহে প্ৰতিদ্বণ্ডিতা আগবঢ়াই যোগ্যতা অৰ্জন কৰে।
ইয়াৰ পূৰ্বে তেওঁ ৰিঅ’ আৰু টকিঅ’ অলিম্পিকত দুয়োটাতেই ৫৩ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল।