শনিবাৰে স্ব-গৃহলৈ উভতি আহিছে অলিম্পিক খেলুৱৈ বিনেশ ফ’গাটে। পুৱা ১০.৩০ মিনিটত দিল্লী বিমান বন্দৰত অৱতৰণ কৰিছে বিনেশ ফ’গাটে। বিমানবন্দৰত অৱতৰণ কৰাৰ লগে-লগে বিনেফ ফ’গাটক উষ্ম আদৰণি জনাইছে শুভাকাংক্ষীয়ে। বজৰং পুনিয়া, সাক্ষী মালিকেও বিমানবন্দৰত আদৰণি জনাইছে বিনেশ ফ’গাটক।
উল্লেখ্য যে, পেৰিছ অলিম্পিকত অংশ লৈছিল বিনেশ ফগাটে। মল্লযুঁজত ফাইনেলত অৱতীৰ্ণ হৈছিল বিনেশ ফ’গাটে। অৱশ্যে, অতিৰিক্ত ওজনৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰিছে অলিম্পিক কৰ্তৃপক্ষই।
ইফালে, চূড়ান্ত খেলৰ পৰা অযোগ্য হোৱাৰ পিছত বিনেশ ফ’গাটে অলিম্পিক আদালতত ৰূপৰ পদকৰ বাবে আবেদন কৰিছিল। ১৪ আগষ্টত তেওঁৰ আবেদন নাকচ কৰা হয় আৰু তেওঁক ৰূপৰ পদক প্ৰদান কৰা নহয় বুলি আদালতে ঘোষণা কৰে।
আনহাতে, ফাইনেলত অযোগ্য হোৱাৰ পিছত বিনেশ ফ’গাটে অৱসৰ ঘোষণা কৰে। সামাজিক মাধ্যমত লিখিছিল যে, “মই হাৰিলো। ক্ষমা কৰক।। তোমাৰ সপোন, মোৰ সাহস সকলো ভাগি পৰিছে। এতিয়া ইয়াতকৈ অধিক শক্তি নাই। গুডবাই ৰেছলিং ২০০১-২০২৪। মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম।“