এতিয়ালৈকে বিশ্বৰ পৰা নাইকীয়া হোৱা নাই কৰোণা ভাইৰাছৰ আতংক। ইয়াৰ লগতে নতুন ভাইৰাছো বিয়পি পৰিছে। বৰ্তমান আফ্ৰিকাৰ দেশ, ৰুৱাণ্ডাত মাৰ্বাৰ্গ ভাইৰাছে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইয়াৰ ফলত ১৫ জন লোকে নিজৰ প্ৰাণো হেৰুৱাব লগা হৈছে।
শ শ লোক মাৰ্বাৰ্গ ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ ক্ৰমবৰ্ধমান বিপদৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৭খন দেশৰ ভ্ৰমণকাৰীৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। মাৰ্বাৰ্গ ভাইৰাছৰ বাবে মানুহৰ চকুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে, যাৰ বাবে ইয়াক ব্লিডিং আই ভাইৰাছ বুলিও কোৱা হয়। এই ভাইৰাছৰ লগত জড়িত গুৰুত্বপূৰ্ণ তথ্যবোৰ জানো আহক-
বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) প্ৰতিবেদন অনুসৰি, মাৰ্বাৰ্গ ভাইৰাছ ইব’লা ভাইৰাছ পৰিয়ালৰ সৈতে জড়িত, যাৰ ফলত ভাইৰেল হেম’ৰেজিক জ্বৰ হয়। এই ভাইৰাছে মানুহৰ ৰক্তবাহী নলীৰ ক্ষতি কৰে আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণৰো সৃষ্টি কৰিব পাৰে। মাৰ্বাৰ্গ ভাইৰাছ এটা জুনোটিক ভাইৰাছ, অৰ্থাৎ ই প্ৰাণীৰ পৰা মানুহলৈ বিয়পি পৰে।
ই কেৱল বাদুলিৰ পৰাই উৎপত্তি হয় আৰু ইহঁতৰ তেজ, প্ৰস্ৰাৱ বা লেলাউটি দ্বাৰা মানুহলৈ বিয়পে। এই ভাইৰাছ অতি বিপজ্জনক আৰু ইয়াৰ দ্বাৰা আক্ৰান্ত হ’লে বহুতে নিজৰ প্ৰাণ হেৰুৱায়।
মাৰ্বাৰ্গ ভাইৰাছৰ লক্ষণসমূহ কি কি?
WHOৰ তথ্য অনুসৰি, মাৰ্বাৰ্গ ভাইৰাছৰ লক্ষণ ইবোলা ভাইৰাছৰ দৰে। এই ভাইৰাছত আক্ৰান্ত হ’লে মানুহে তীব্ৰ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, বমি, ডিঙিৰ বিষ, ফোহা আৰু ডায়েৰিয়া আদি সমস্যাত ভুগিব পাৰে। গুৰুতৰ ক্ষেত্ৰত এই ভাইৰাছে আভ্যন্তৰীণ ৰক্তক্ষৰণ আৰু অংগ বিকল হৈ মানুহৰ প্ৰাণো নাশ কৰিব পাৰে।
ভাইৰাছৰ সংক্ৰমণ বাঢ়িলে হঠাৎ ওজন কমি যোৱা, নাক, চকু, মুখ বা যোনিৰ পৰা তেজ ওলোৱা আৰু মানসিক বিভ্ৰান্তিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ভাইৰাছ প্ৰথম ১৯৬১ চনত জাৰ্মানীৰ ফ্ৰেংকফৰ্টত পোৱা গৈছিল।
প্ৰতিৰোধৰ উপায়-
আক্ৰান্ত লোকৰ সংস্পৰ্শৰ জৰিয়তে মাৰ্বাৰ্গ ভাইৰাছ বিয়পে। শৰীৰৰ তৰল পদাৰ্থৰ জৰিয়তে ই আন মানুহলৈ বিয়পিব পাৰে। ইয়াৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মাৰ্বাৰ্গ ভাইৰাছত আক্ৰান্ত সংস্পলৈ যাব নালাগে। সামাজিক দূৰত্ব, মাস্ক ব্যৱহাৰ আৰু সঘনাই হাত ধোৱাৰ দ্বাৰা এই ভাইৰাছৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ উপৰিও আক্ৰান্ত ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগে। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী।