অতি শীঘ্ৰে ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে বৃহস্পতিবাৰে এই কথা জানিব দিয়ে। অৱশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণৰ তাৰিখ ঘোষণা কৰা নাই।
ইণ্টাৰফেক্স নিউজ এজেন্সিয়ে দাবী কৰা অনুসৰি ৰাষ্ট্ৰপতি পুটিনে চলিত মাহৰ শেষৰফালে ভাৰতলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।
ডোভালে কয় যে দীৰ্ঘসময়ৰ পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত সু-সম্পৰ্ক আছে। আমি এই সম্পৰ্কবোৰক অতি গুৰুত্ব দিও। আমাৰ মাজত উচ্চ পৰ্যায়ৰ সম্পৰ্ক আছে। তেওঁ লগতে পুটিনৰ ভাৰত ভ্ৰমণক লৈ যথেষ্ট উৎসাহী বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, শুল্ক যুদ্ধক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে একপক্ষীয়ভাৱে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে।
ৰাছিয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা আৰু তেল ক্ৰয় কৰাক লৈ ক্ষুন্ন হৈয়েই ট্ৰাম্পে মোদীৰ ভাৰতৰ বিৰুদ্ধে ৫০ শতাংশ শুল্ক আৰোপ কৰি ভাৰতক প্ৰচণ্ড আঘাত দিছে।
ট্ৰাম্পে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি কৈছিল যে যদি ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ নকৰে তেন্তে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা সকলো দেশৰ ওপৰত ছেকেণ্ডাৰী শুল্ক আৰোপ কৰিব। কেৱল এয়াই নহয় ট্ৰাম্পে ভাৰতক অতিৰিক্তভাৱে পেণাল্টি লগোৱাৰো হুংকাৰ প্ৰদান কৰিছিল।