ৱাকফৰ সম্পত্তি সন্দৰ্ভত মোদী চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। সূত্ৰ অনুসৰি অহা ৬ জুনৰ পৰা ৱাকফ উমিদ পৰ্টেল মুকলি কৰা হ’ব।
এক প্ৰতিবেদনে সূত্ৰৰ উদ্ধৃতি দি দাবী কৰিছে যে, মোদী চৰকাৰে এতিয়া পঞ্জীয়ন প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছে। এনে পৰিস্থিতিত এতিয়া যদি কোনো ৱাকফৰ সম্পত্তি পঞ্জীয়ন নহয়, তেন্তে সেয়া বিতৰ্কিত বুলি গণ্য কৰা হ’ব আৰু বিষয়টো ৱাকফ ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হ’ব।
যদি কোনো কাৰিকৰী বা আন কোনো ডাঙৰ সমস্যাৰ বাবে পঞ্জীয়নত পলম হয়, তেন্তে কিছু অতিৰিক্ত সময় দিব হ’ব। সূত্ৰ অনুসৰি উমিদ পৰ্টেলৰ সম্পূৰ্ণ নাম হৈছে সংহত ৱাকফ ব্যৱস্থাপনা, সৱলীকৰণ, দক্ষতা আৰু উন্নয়ন আইন আৰু ইয়াক আৰম্ভ কৰা হৈছে ৱাকফৰ সম্পত্তিৰ পৰিচালনা আৰু স্বচ্ছতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে।
সূত্ৰসমূহে জনোৱা অনুসৰি, সমগ্ৰ দেশৰ ৱাকফৰ সম্পত্তিসমূহ এই পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰা হ’ব আৰু নিৰ্বাচন আয়োগৰ তথ্যৰ সহায়ত সম্পত্তিসমূহ চিনাক্ত কৰা হ’ব।
জানো আহক ৱাকফ সন্দৰ্ভত নতুন নিয়মাৱলীসমূহ-
- এতিয়া প্ৰতিটো ৱাকফৰ সম্পত্তি জিঅ’ টেগ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু ইয়াৰ সম্পূৰ্ণ তথ্য ছাইটত ঘোষণা কৰিব লাগিব। ইয়াৰ বাহিৰেও মহিলাৰ নামত পঞ্জীয়ন কৰা সম্পত্তি বা মহিলা উত্তৰাধিকাৰী হোৱা সম্পত্তিক ৱাকফ ঘোষণা কৰিব নোৱাৰিব।
- ৱাকফৰ সম্পত্তি পঞ্জীয়নৰ দায়িত্ব মুতাৱাল্লী (মেনেজাৰ)ৰ হ’ব। ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ জৰিয়তে সম্পত্তিৰ পঞ্জীয়ন কৰা হ’ব আৰু ইয়াৰ বাবে ব’ৰ্ডে কাৰিকৰী সহায় আগবঢ়াব।
উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে আবেদনকাৰীসকলক জনাইছিল যে সংসদে গৃহীত কৰা আইনখনত সাংবিধানিকতাৰ অনুমান আছে। এনে ক্ষেত্ৰত স্পষ্ট গোচৰ নোলোৱালৈকে আদালতে হস্তক্ষেপ কৰিব নোৱাৰে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে এইটোও স্পষ্ট কৰি দিছিল যে ৱাকফৰ সম্পত্তিৰ বাধ্যতামূলক পঞ্জীয়নৰ প্ৰয়োজনীয়তা ১৯২৩ চনৰ পৰা চলি আহিছে।