ৱাকফ (সংশোধনী) বিধেয়কক লৈ গঠিত যুটীয়া সংসদীয় সমিতি (JPC)ৰ কাৰ্যকাল বৃদ্ধি কৰা হ’ব। অধ্যক্ষ জগদাম্বিকা পালে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি এই প্ৰস্তাৱ আগবঢ়াব।
দৰাচলতে, বুধবাৰে JPCৰ অষ্টমখন বৈঠক বৰ্জন কৰিছিল বিৰোধী সাংসদসকলে। তেওঁৰ অভিযোগ আছিল যে, অধ্যক্ষ জগদাম্বিকা পালে কোনো ধৰণৰ প্ৰস্তুতি অবিহনে ২৯ নৱেম্বৰত লোকসভাত JPCৰ খচৰা দাখিল কৰিবলৈ ওলাইছিল।
বিৰোধীৰ অসন্তুষ্টিৰ পিছত পাল আৰু বিজেপিৰ সাংসদসকলে বিৰোধী সাংসদৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয়। ইয়াৰ পিছত JPCৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। বিজেপিৰ সাংসদ তথা JPCৰ সদস্য অপৰাজিতা সাৰংগীয়ে কয় যে, শাসকীয় দলৰ সদস্যসকলেও ইয়াক সম্প্ৰসাৰণ কৰিব লাগে বুলি অনুভৱ কৰিছে।
২০২৫ চনৰ বাজেট অধিৱেশনৰ অন্তিম দিনলৈ JPCৰ তদন্ত প্ৰতিবেদনৰ সময়সীমা বৃদ্ধি কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অনুৰোধ জনোৱা হ’ব। ইয়াৰ বাবে জগদম্বিকা পালে লোকসভাত এটা প্ৰস্তাৱ দাখিল কৰিব পাৰে।