যদিও বয়স ভেদে সকলো লোকে আইচক্ৰীম খাবলৈ ভাল পায়, কিন্তু শিশুৱে আইচক্ৰীম খাই খুব ভাল পায়। এনে ক্ষেত্ৰত, তেলেংগানাৰ হায়দৰাবাদৰ জুবিলি হিলছৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে, য’ত আইচক্ৰীমত সুৰা মিহলি কৰি প্ৰস্তুত কৰা হৈছিল। পিছে কিয় এনেদৰে সুৰা মিহলি আইচক্ৰীম প্ৰস্তুত কৰা হৈছিল, জানো আহক।
বৰ্তমান, এই আইচক্ৰীমৰ সৰ্বাধিক বিক্ৰীৰ বাবে ফেচবুকত প্ৰচাৰ কৰা হৈছিল। যিসকলে এই আইচক্ৰীম কিনি খাইছিল, তেওঁলোকৰ কোনো ধাৰণা নাছিল যে, আইচক্ৰীমত হুইস্কি মিহলি কৰা হৈছে।
আইচক্ৰীমত হুইস্কিৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত, বিষয়াসকলৰ এটা দলে তালাচী চলাবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীৰ পৰা ২৩ কাৰ্টন হুইস্কি আইচক্ৰীম জব্দ কৰে। কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰে আৰু আইচক্ৰীম তৈয়াৰ কৰা লোকসকলক গ্ৰেপ্তাৰ কৰে।
আইচক্ৰীম তৈয়াৰ কৰা দোকানখন শৰৎ চন্দ্ৰ ৰেড্ডী নামৰ ব্যক্তি এজনৰ বুলি জানিব পৰা গৈছে। এই দোকানৰ পৰা ১১ কিলোগ্ৰাম হুইস্কি কাৰ্টন জব্দ কৰা হৈছিল। এই হুইস্কি আইচক্ৰীমৰ সৈতে মিহলি বিক্ৰী কৰা হৈছিল।যিটো এটা মাৰাত্মক অপৰাধ। এই আইচক্ৰীমটো এৰিকো কেফেত বিক্ৰী কৰা হৈছিল। বহুতো লোকে এই আইচক্ৰীম পাৰ্লাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।
আইচক্ৰীমত হুইস্কি মিহলি কৰাৰ বিষয়ে তথ্য প্ৰাপ্ত কৰাৰ পিছত, শিশুসকলৰ লগতে অভিভাৱকসকল অতি শংকিত আৰু আচৰিত হয়। যিসকলে শিশুৰ জীৱনৰ সৈতে খেলে, তেওঁলোকক সতৰ্ক কৰি দিয়া হয়।এইক্ষেত্ৰত, বিষয়াসকলে কয় যে, এনে কাৰ্যৰ লগত জড়িত লোকসকল দোষী সাৱ্যস্ত হ’লে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।