পুনৰ এবাৰ বাতৰিৰ শিৰোণামত যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিং। এইবাৰ যোগৰাজ সিঙে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক লৈ প্ৰদান কৰিছে এক বিবৃতি। যোগৰাজ সিঙে দাবী কৰিছে যে যদি অৰ্জুনে তেওঁৰ লগত থাকি ৬ মাহ প্ৰশিক্ষণ লয় তেন্তে তেওঁক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে গঢ়ি তুলিব।
শেহতীয়াকৈ যোগৰাজ সিঙে কৰা এই মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ৰাজস্থান ৰয়েলছ আৰু কিংছ ইলেভেন পঞ্জাবৰ প্ৰাক্তন খেলুৱৈ তৰুৱাৰ কোহলীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যোগৰাজ সিঙে কয় যে অৰ্জুন তেণ্ডুলকাৰে নিজৰ বেটিঙত অধিক গুৰুত্ব দিব লাগে।
তৰুৱাৰ কোহলীৰ ইউটিউব চেনেলত মন্তব্য কৰি যোগৰাজ সিঙে কয়, ‘অৰ্জুন যদি এতিয়াই মোৰ ওচৰলৈ আহে তেন্তে মই তেওঁক ছমাহৰ ভিতৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে গঢ়ি তুলিম। তেওঁৰ বেটিঙত কিমান সম্ভাৱনা আছে কোনেও নাজানে। তেওঁ মোৰ লগত ১২ দিন আছিল, ৰঞ্জি ট্ৰফীত অভিষেক ঘটোৱাৰ সময়ত তেওঁ শতক অৰ্জন কৰিছিল। এই কথা কোনোবাই উপলব্ধি কৰিছিল নে?’
যোগৰাজে পুনৰ কয়, ‘গোৱাৰ দলটো ইয়াত থকাৰ সময়ত অৰ্জুন তেণ্ডুলকাৰক মই প্ৰশিক্ষণ দিব লাগে বুলি শচীন আৰু যুৱৰাজে মোক অনুৰোধ কৰিছিল। তেওঁ ১০-১২ দিন মোৰ লগত ইয়াত আছিল, মই ভাবিছিলো তেওঁ ইমান ধুনীয়া বেটিং কৰে, কিয় বলিঙত গুৰুত্ব দি আছে? আপোনালোকে কিয় বলিঙত তেওঁক বৰবাদ কৰি আছে। বেটিং অলৰাউণ্ডাৰ হিচাপে ঠিকে থাকিব।’
ইয়াৰ পূৰ্বে তেওঁ দাবী কৰিছিল যে অৰ্জুন তেণ্ডুলকাৰক ১২ দিন প্ৰশিক্ষণ দিয়াৰ পিছতে গোৱাৰ হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক ঘটাৰ সৌভাগ্য ঘটিছিল আৰু ৰাজস্থানৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল।
উল্লেখ্য যে, প্ৰাক্তন বিশ্ববিজয়ী ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙে প্ৰায়েই এইধৰণৰ মন্তব্য প্ৰদান কৰি ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ থাকে।