ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে জুবিন গাৰ্গৰ ভুৱা মৰণোত্তৰ প্ৰতিবেদন।ইয়াৰ পিছতে সামাজিক মাধ্যমত উঠিছে তীব্ৰ খলকনি।
অৱশ্যে এই বিষয়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কয় যে, সামাজিক মাধ্যমত ভাইৰেল হোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপোৰ্টটো সত্য নহয়। যিসকলে এই প্ৰতিবেদন ভাইৰেল কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব একপ্ৰকাৰ সকিয়নী দিয়ে মুন্না প্ৰসাদ গুপ্তাই।
ভাইৰেল হোৱা মৰণোত্তৰ প্ৰতিবেদনৰ কোনো ভিত্তি নাই বুলি স্পষ্ট কৰে মুন্না প্ৰসাদ গুপ্তাই। এই ভাইৰেল হোৱা মৰণোত্তৰ প্ৰতিবেদনত নাই চিকিৎসকৰ সাক্ষৰ স্পষ্ট কৰে SIT ৰ মুৰব্বীয়ে।
এই ভুৱা বাতৰিৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে ভুৱা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে SIT য়ে।