অমৃতকণ্ঠ জুবিন গাৰ্গ আৰু নাই। জুবিনবিহীনভাৱে এটা মাহ সম্পূৰ্ণ কৰিলে অসমবাসীয়ে।উদং হৈ পৰা বুকুখনত জুবিন গাৰ্গ নোহোৱাৰ এটা বেদনা লৈ ঘূৰি ফুৰিছে অসমবাসীয়ে। দুখ, খং-ক্ষোভত মানুহবোৰ উত্তেজিত হৈ আছে সমগ্ৰ অসম।
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন এটা মাহ সম্পূৰ্ণ। সোণাপুৰৰ সমাধিস্থলীত আদ্যশ্ৰাদ্ধৰ দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হৈছে। গীতা পাঠ, সংকীৰ্তন, সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হৈছে আদ্যশ্ৰাদ্ধ। আদ্যশ্ৰাদ্ধৰ দিনটোত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এতিয়া অনুৰাগীয়ে ভিৰ কৰিছে। ইয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহতো আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।
উল্লেখ্য যে, ছিংগাপুৰত শ্যামকানু মহন্তই অনুষ্ঠিত কৰা নৰ্থইষ্ট ফেষ্টিভেলত অংশ লবলৈ গৈ চিৰদিনৰ বাবে হেৰাই গল অসমৰ স্পন্দনজুবিন গাৰ্গ। ১৯ ছেপ্তেম্বৰত সময় ২.৫০ মিনিটত মূহূৰ্ততে স্থবিৰ হৈ পৰিছিল সমগ্ৰ অসমবাসী।
ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বিমানেৰে লৈ অহা হৈছিল ঈশ্বৰপুত্ৰৰ নিথঁৰ দেহ।২৩ ছেপ্তেম্বৰৰ দুপৰীয়া সোণাপুৰত কোটি কোটি অসমীয়াক নিথৰুৱা কৰি পঞ্চভূতত বিলীন হৈ গৈছিল জুবিন গাৰ্গৰ নিথৰ শৰীৰ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত থকাৰ সন্দেহত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক SITয়ে গ্ৰেপ্তাৰ কৰে।
এতিয়া বুকুত একুৰা জুই, চকুত চকুপানী লৈ সকলোৱে অপেক্ষা কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। কিয়নো য়টত পাৰ্টি কৰি থকা জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হল, সেইয়া কেৱল সেইসময়ত জুবিনৰ সৈতে থকা মানুহখিনিৰ বাহিৰে আনৰ বাবে এটা জটিল আৰু উত্তৰহীন প্ৰশ্ন। গতিকে জুবিন গাৰ্গৰ সৈতে সেই অভিশপ্ত দিনটোত কি হৈছিল সেইয়া জানিব বিচাৰিছে সকলো অসমীয়াই। যাৰ বাবে এই ঘটনাৰ উচিত তদন্ত কৰি চৰকাৰ তথা প্ৰশাসনক দোষীক কঠোৰ শাস্তি বিহিবলৈও আহ্বান জনাইছে ৰাইজে।