আজি ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ প্ৰতিনিধি। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীৰ SIT দল ছিংগাপুৰলৈ যাব৷ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ তথ্য বিচাৰি ছিংগাপুৰ আৰক্ষীৰ সৈতে SIT ৰ তদন্তকাৰী বিষয়াই বৈঠকত মিলিত হ’ব৷
SIT প্ৰধান SDGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব দুজনীয়া এই দলটো। অসম আৰক্ষীৰ দলটোৱে ২১ অক্টোৰৰ দিনা ছিংগাপুৰ আৰক্ষীক লগ ধৰি বৈঠকত মিলিত হ’ব। আকৌ ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তাত চলি থকা তদন্তৰ অগ্ৰগতিৰ বুজ ল’ব অসম আৰক্ষীৰ দুজনীয়া এই দলটোৱে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য-প্ৰমাণো সংগ্ৰহ কৰিব এই দলটোৱে। লগতে জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত থকা ৱাজিদ আহমেদৰো সাক্ষ্য লোৱাৰ সম্ভাৱনা আছে এই দলটোৱে। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ বাধ্যবাধকতাৰ পিছত ছিংগাপুৰলৈ অসম আৰক্ষীৰ তদন্তকাৰী দল ৰাওনা হ’ব৷ গতিকে ছিংগাপুৰলৈ গৈ এতিয়া অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীৰ পৰা কি তথ্য লাভ কৰে সেয়া হ’ব লক্ষণীয়।