আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই অধিৱেশন।
সদনৰ মজিয়াত অধিৱেশনৰ প্ৰথমটো দিনটোই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কোনে হত্যা কৰিছিল, পোষ্টমৰ্টেম ৰিপোৰ্টত কি ওলাইছিল এই সকলো ঘটনা সন্দৰ্ভত ডাঙৰ মন্তব্য কৰে।
তেওঁ কয় যে, অৱহেলা নহয়, জুবিন গাৰ্গৰ মৃত্যু এটা হত্যাকাণ্ডহে। জুবিনক এজনে মাৰিছিল, আন কেইজনমানে সহায় কৰিছিল। জুবিনৰ ঘটনাত ৫ জন মানুহ জড়িত আছিল। জুবিনৰ সমগ্ৰ ঘটনাটোৱেই টকা-পইচা সম্পৰ্কীয় বুলি মুখ্যমন্ত্ৰীয়ে মহাবিস্ফোৰণ কৰে। বিজেপিক পৰাজিত কৰিবলৈ জুবিন গাৰ্গক ইচ্ছ্যু নকৰিবলৈ কয় সুখ্যমন্ত্ৰীয়ে।











