আজি কোটি কোটি জুবিন অনুৰাগীয়ে বাট চাই থকা প্ৰত্যাশিত দিন ১২ ডিচেম্বৰ। দিনৰ ১১ বজাত মহামান্য আদালতত দাখিল কৰা হৈছে চাৰ্জশ্বীট।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে SIT য়ে। চাৰ্জশ্বীটৰ পৃষ্ঠাই পৃষ্ঠাই আছে বহু বিস্ফোৰক তথ্য। ৪টাকৈ ট্ৰাংকত SIT য়ে আদালতত জমা দিয়া দিছে সকলো তথ্য প্ৰমাণ।
৭ অভিযুক্তৰ বিৰুদ্ধে বিস্ফোৰক তথ্য আছে চাৰ্জশ্বীটত। ছিংগাপুৰত সাঁতুৰি কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ টকাৰে কেনেকৈ কোটিপতি হৈছিল সিদ্ধাৰ্থ, এইক্ষেত্ৰত SIT-ৰ চাৰ্জশ্বীটত সকলো আছে।
কাৰাগাৰত থকা ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ১০৩ ধাৰা জাৰি কৰা হৈছে। BNSৰ ১০৩ ধাৰা প্ৰয়োগ কৰা হয় হত্যাৰ গোচৰত।গৰিমা গাৰ্গসহ সকলো এজাহাৰকাৰীৰ সাক্ষ্য আছে চাৰ্জশ্বীটত।চাৰ্জশ্বীটৰ পাতে পাতে আছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য।
প্ৰায় ৩০০ লোকৰ ভাষ্য সন্নিৱিষ্ট কৰা হৈছে এই চাৰ্জশ্বীটত। ছিংগাপুৰৰ য়ট পাৰ্টীত থকা প্ৰৱাসী অসমীয়াৰো সাক্ষ্য সন্নিৱিষ্ট হৈ আছে চাৰ্জশ্বীটত। অসমৰ চিকিৎসকৰ প্ৰতিবেদনো আছে এই অভিযোগনামাত লগতে আছে ছিংগাপুৰৰ চিকিৎসকৰ প্ৰতিবেদন। গতিকে এই সকলো তথ্য ফাদিল কৰিব আজিৰ এই চাৰ্জশ্বীটে।
ইফালে হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ কাষ চাপিছে শ্যামকানু মহন্তৰ পত্নী। উকীল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্ত। অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ আহ্বান।













