জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিলৰ পিছতে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কৰিছে এক ডাঙৰ মন্তব্য। তেওঁ কয় যে, জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকলে দোষী সাব্যস্ত হ’লে তেওঁলোকৰ শাস্তি মৃত্যুদণ্ড পৰ্যন্ত হ’ব পাৰে। অন্যথা অভিযুক্তসকলৰ যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব পাৰে।
কাৰাগাৰত থকা ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা আৰোপ কৰা হৈছে।BNSৰ ১০৩ ধাৰা হত্যাৰ গোচৰত প্ৰয়োগ কৰা হয়। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ১০৩ ধাৰা জাৰি কৰা হৈছে।
আকৌ জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ ১০৫ ধাৰা জাৰি কৰা হৈছে চাৰ্জশ্বীটত। আকৌ জুবিন গাৰ্গৰ ২ দেহৰক্ষীৰ বিৰুদ্ধে BNSৰ ৩১৬ ধাৰা আৰোপ কৰা হৈছে। সন্দীপন গাৰ্গ আৰু তেওঁৰ ২ দেহৰক্ষী দোষী সাব্যস্ত হলে হ’ব যাৱজ্জীৱন কাৰাদণ্ড।













