প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন আজি ৪ মাহ সম্পূৰ্ণ। আজি পুৱাই ক্ৰাইম ব্ৰাঞ্চত উপস্থিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ বিতৰ্কিত শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য। বিভিন্নধৰণৰ কটু, নীচ, স্পৰ্শকাতৰ মন্তব্যৰে জুবিন গাৰ্গৰ চৰিত্ৰহননৰ চেষ্টা চলাই আহিছিল শিখা শৰ্মাই। জুবিন গাৰ্গৰ পৰিয়ালো আনকি সাৰি যোৱা নাছিল শিখা শৰ্মাৰ এই বিতৰ্কিত মন্তব্যৰ পৰা। জুবিন গাৰ্গৰ পিতৃক লৈও যথেষ্ট ঘৃণনীয় মন্তব্য কৰিছিল শিখা শৰ্মাই।
জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰক লৈ অতি অশ্লীল মন্তব্য কৰিছিল এই বিতৰ্কিত শিখা শৰ্মাই। গৰিমা শইকীয়া গাৰ্গৰ নিচিনা এগৰাকী মহিলাক সামাজিক মাধ্যমযোগে যথেষ্ট অপমান কৰিছিল। গৰিমা শইকীয়া গাৰ্গক লৈ অতি জঘন্য মন্তব্য কৰি নিজৰ ভদ্ৰতাৰ পৰিচয় দাঙি ধৰিছিল। লগতে জুবিন হত্যাৰ গোচৰত জেলত বন্দী হৈ থকা ৭ অভিযুক্তক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছিল। যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাইজে দাবী জনায় আহিছে, সেই সময়তে শিখা শৰ্মাই গোটেই ইচ্ছ্যু বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাই আহিছে।
যাৰ বাবে আজি আইনৰ কাষ চাপিছে গৰিমা শইকীয়া গাৰ্গে। লগতে জিলাই জিলাই জুবিন ফেন ক্লাৱে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কি তথ্যৰ ভিত্তিত জুবিন গাৰ্গৰ চৰিত্ৰহননৰ চেষ্টা কৰিছে সেয়া শিখা শৰ্মাক ৰাজহুৱা কৰিবলৈ দাবী কৰিছে জুবিন ফেন ক্লাৱে।










