দেশত কোনো লোককে ‘মিঞা-টিয়া’ আৰু ‘পাকিস্তানী’ বুলি কোৱাটো অপৰাধ নহয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰিছে। এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে কোনো ব্যক্তিক ‘মিঞা-টিয়া’ আৰু ‘পাকিস্তানী’ বুলি কোৱাটো অনুচিত হ’ব পাৰে, কিন্তু ভাৰতীয় দণ্ডবিধিৰ ২৯৮ ধাৰাত ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অপৰাধ বুলি গণ্য কৰিব নোৱাৰি।
ন্যায়াধীশ ভি বি নাগৰত্না আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে এই সিদ্ধান্তৰ জৰিয়তে হৰিনাৰায়ণ সিঙৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ খাৰিজ কৰে।
উল্লেখ্য যে, হৰিনাৰায়ণ সিঙৰ বিৰুদ্ধে এই গোচৰটো বোকাৰোৰ চাছ মহকুমা কাৰ্যালয়ত কৰ্মৰত উৰ্দু অনুবাদক মহম্মদ ছামিমুদ্দিনে দাখিল কৰিছিল। তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰা অপমানজনক শব্দই তেওঁৰ ধৰ্মীয় আৱেগক আঘাত কৰা বুলি অভিযোগ কৰিছিল।
মহম্মদ ছামিমুদ্দিনৰ মতে, যেতিয়া তেওঁ আৰ টি আইৰ আবেদনৰ সৈতে জড়িত তথ্য দিবলৈ হৰিনাৰায়ণ সিঙক লগ কৰিবলৈ গৈছিল, তেতিয়া তেওঁৰ ধৰ্মৰ কথা উল্লেখ কৰি তেওঁক ‘মিঞা-টিয়া’ আৰু ‘পাকিস্তানী’ বুলি কৈছিল।
এই ঘটনাৰ তদন্তৰ পিছত আৰক্ষীয়ে হৰিনাৰায়ণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। ইয়াৰ পিছত ২০২১ চনৰ জুলাইত দণ্ডাধীশে তেওঁলৈ চমন জাৰি কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৩, ধাৰা ২৯৮ আৰু ধাৰা ৫০৪ৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছিল।
ইয়াৰ পিছত হৰিনাৰায়ণ সিঙে জিলা আদালত, ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত মুখথেকেচা খোৱাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আৰু সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো চালি জাৰি চাই সিঙৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ খাৰিজ কৰে।