আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটোত এই দিৱস পালন কৰা হয়। ১৯১১ চনৰ পৰাই এই দিৱসটো উদযাপন কৰি অহা হৈছে।
এইবাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ Theme হৈছে ‘For ALL Women and Girls: Rights. Equality. Empowerment’. অৰ্থাৎ ‘সকলো মহিলা আৰু ছোৱালীৰ বাবে: অধিকাৰ, সমতা, সৱলীকৰণ’।
১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰীক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা।
বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদযাপনৰ মুখ্য বিষয়। এই দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে।
১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।
১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল।
উল্লেখ্য যে, বছৰ বছৰ ধৰি পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে প্ৰতিবছৰে নাৰী দিৱস অনুষ্ঠিত হৈ আহিছে যদিও নাৰীৰ ওপৰত হোৱা নিৰ্যাতন, বৈষম্যমূলক আচৰণ, উপেক্ষা, অৱজ্ঞা আদিৰ অৱসান হোৱা নাই।
ভাৰততো আজি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ব্যাপক ৰূপত নাৰী দিৱস উদযাপন কৰিব। কিন্তু দেশত প্ৰতিবছৰে ধৰ্ষণ-শোষণৰ বলি হৈ আছে লাখ-লাখ শিশু, যুৱতী, মহিলা।