বহু সময়ত মানুহে বিভিন্ন ধৰণৰ অস্বাস্থ্যকৰ খাদ্যৰ ফলত বুকুত জ্বলা-পোৰা আৰু বিষ অনুভৱ কৰে। এনে পৰিস্থিতিত প্ৰায় সংখ্যক লোক চিন্তিত হৈ পৰে। কিন্তু এই সমস্যা বিশেষ চিন্তাৰ কাৰণ নহয়। কিয়নো এই সমস্যা এচিডিটিৰ লক্ষণ হ’ব পাৰে।
আজিকালি অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু অনিয়মিত জীৱনশৈলীৰ বাবে এচিডিটি সমস্যা অতি সাধাৰণ হৈ পৰিছে। অত্যাধিক টেঙা খাদ্য, চাহ-কফি, মানসিক চাপ আৰু অনিয়মিত ৰুটিন এই সমস্যাৰ মূল কাৰণ।
এচিডিটিৰ পৰা হাত সাৰিবলৈ আমি কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পাৰিলে লঘু আৰু স্বাস্থ্যকৰ খাদ্যগ্ৰহণ কৰিব লাগে। টেঙা আৰু ভজা খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকিব লাগে। খাদ্য খোৱাৰ লগে লগে টোপনিৰ বাবে প্ৰস্তুতি চলাব নালাগে। ২-৩ ঘণ্টা বহি লঘু খোজ কাঢ়িব লাগে।
খোৱাৰ পিছত লগে লগে পানী খাব নালাগে। এঘণ্টা বা দুঘণ্টাৰ পিছত পানী খাব লাগে। গোটেই দিনটোত ৭-৮ গিলাচ পানী খাব লাগে যাতে শৰীৰটোৱে পৰ্যাপ্ত পানী লাভ কৰে। ইয়াৰ বাহিৰেও ধূম্ৰপান আৰু নিচাযুক্ত পানীয়ৰ পৰা আঁতৰি থাকিব লাগে। কাৰণ ইয়াৰ ফলত কেৱল এচিডিটি বৃদ্ধি হোৱাই নহয় আন বহুতো ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
এচিডিটি হ্ৰাস কৰিবলৈ ঘৰুৱা উপায়-
যদি এচিডিটি হয়, তেন্তে আতংকিত হোৱাৰ প্ৰয়োজন নাই। ঘৰুৱা উপায়েৰেও এই সমস্যা দূৰ কৰিব পাৰি-
- কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে। ই পেট ঠাণ্ডা কৰে আৰু এচিডিটি কমায়।
- ঠাণ্ডা গাখীৰ সেৱন কৰিব লাগে। চেনিবিহীন ঠাণ্ডা গাখীৰে এচিডিটি কমোৱাত সহায় কৰে।
- ক’লাজীৰা আৰু ক’লা নিমখ খাব পাৰি। ক’লাজীৰা পেটৰ বাবে অতি উপকাৰী আৰু ই এচিডিটি পৰা সকাহ দিয়ে।
- কল বা তিয়ঁহ খাব পাৰি। এই দুয়োটা বস্তুৱে পেট ঠাণ্ডা কৰি ৰাখে আৰু বিষ কমায়।