গ্ৰীষ্মকাল আহি পোৱাৰ লগে লগে শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বিশেষকৈ চৰ্দি, জ্বৰ আৰু ডিঙিৰ সমস্যা অতি সাধাৰণ হৈ পৰে। পিছে এই সৰু সৰু সমস্যাবোৰে কেতিয়াবা গুৰুতৰ ৰূপ ল’ব পাৰে।
হঠাৎ বতৰৰ পৰিৱৰ্তন আৰু বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে অধিকাংশ লোকে কাঁহ, ডিঙিৰ বিষ, উশাহ-নিশাহ লোৱাত অসুবিধাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই সমস্যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণো বৃদ্ধি হয়। এই সংক্ৰমণ মূলতঃ ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকক সোনকালে আক্ৰান্ত কৰে।
শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ অৰ্থ হ’ল শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ সৈতে জড়িত সংক্ৰমণ, যিয়ে আমাৰ বতাহৰ নলী আৰু হাওঁফাওঁত প্ৰভাৱ পেলায়। এই সংক্ৰমণে নাক, ডিঙি আৰু চাইনাছত প্ৰভাৱ পেলায়, লগতে হাওঁফাওঁত উপনীত হৈ ব্ৰংকাইটিছ বা নিউমোনিয়াৰ দৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।
ঋতু সলনি হোৱাৰ লগে লগে শৰীৰে নতুন পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ ধৰে। ঠাণ্ডা আৰু শুকান বতাহে ডিঙি আৰু নাকৰ আৰ্দ্ৰতা হ্ৰাস কৰে, যাৰ বাবে ভাইৰাছে সোনকালে আক্ৰমণ কৰে। ইয়াৰ উপৰিও প্ৰদূষণ, ধূলি আৰু জনবহুল স্থানলৈ যোৱাটোৱেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।
এই সংক্ৰমণৰ লক্ষণসমূহ-
- ধাৰাবাহিক কাঁহ, ডিঙিৰ বিষ, হাঁচি, মৃদু জ্বৰ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা
- বুকু হেঁচা মাৰি ধৰা
- অত্যাধিক জ্বৰ
এনে পৰিস্থিতিৰ সৃষ্টি হ’লে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।
সংক্ৰমণৰ পৰা হাতসৰাৰ উপায়-
- সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
- ইয়াৰ বাবে আমলা, মৌ, হলুদ আৰু তুলসী সেৱন কৰিব লাগে।
- যিমান পাৰি পানী সেৱন কৰিব লাগে আৰু খাদ্য তালিকাত গৰম চূপ বা বনৌষধি চাহ অন্তৰ্ভুক্ত কৰিব লাগে।
- বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰাৰ লগতে সঘনাই হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।