পাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছ নামৰ এখন ৰে’ল হাইজেক কৰাৰ খবৰ আহিছে। বেলুচ লিবাৰেচন আৰ্মী (বি এল এ) নামৰ সংগঠন এটাই ৰে’লখন হাইজেক কৰিছে। কেৱল এয়াই নহয় বেলুচ আৰ্মীয়ে ৰে’লখনৰ সকলো যাত্ৰীক পণবন্দী কৰি ৰখা বুলি সংগঠনটোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দাবী কৰিছে।
পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ পৰা খাইবাৰ পখতুনখোৱাৰ পেছাৱাৰলৈ গৈ থকা সময়তে জাফৰ এক্সপ্ৰেছ নামৰ ৰে’লখন হাইজেক কৰে।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে সংগঠনটোৱে কয় যে তেওঁলোকৰ যোদ্ধাসকলে ৰে’লৱে ট্ৰেক উৰুৱাই দিছিল। যাৰ বাবে জাফৰ এক্সপ্ৰেছখন ৰৈ যাবলগীয়া হয় আৰু ইয়াৰ পিছতে তেওঁলোকে ৰেলখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত লয়।
ইফালে সংগঠনটোৱে দাবী ধমকি প্ৰদান কৰি কয় যে যদিহে সেনা বাহিনীয়ে আমাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহে তেন্তে পৰিণাম ভয়ংকৰ হ’ব আৰু প্ৰতিগৰাকী যাত্ৰীকে হত্যা কৰা হ’ব। এই হত্যাৰ বাবে দায়ী হ’ব কেৱল সেনা।
বেলুচ লিবাৰেচন আৰ্মীয়ে কয় যে মজীদ ব্ৰিগেদ, এছটিওএছ আৰু ফতেহ স্কোৱাডৰ দ্বাৰা এই অভিযান চলোৱা হৈছে। সেনা বাহিনীয়ে আমাৰ বিৰুদ্ধে অভিযান চলালেই ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
জানিব পৰা অনুসৰি, এই পৰ্যন্ত ৬ গৰাকী সেনা কৰ্মীৰ মৃত্যু হোৱাৰ লগতে শ-শ যাত্ৰী বন্দী হৈ আছে। বেলুচ লিবাৰেচন আৰ্মীয়ে এই সমগ্ৰ ঘটনাৰ দায়িত্ব স্বাকীৰ কৰিছে।