বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। এখন ৰাজহুৱা সভাত এক বিতৰ্কিত মন্তব্য বিটিচিৰ এইগৰাকী সদস্যই অস্বস্তিত পেলাইছে বিজেপি চৰকাৰক।
ইছলাম ধৰ্মী লোকক উদ্দেশ্যি এই ভাষ্য দিয়ে অৰূপ কুমাৰ দে’য়ে।এখন ৰাজহুৱা সভাত নিজকে বাংলাদেশী বুলি কয় বিটিচিৰ এইগৰাকী বিজেপি নেতাই। তেওঁ কয়, “আপোনালোকো বাংলাদেশী, আমিও বাংলাদেশী, বাংলাভাষা সকলোৱে বুজি পায়, আমাৰ Legacy একেই।
কোকৰাঝাৰত আয়োজিত এক ইফটাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অৰূপ কুমাৰ দে’য়ে। বৰ্তমান মোৱাইলে মোৱাইলে ভাইৰেল হৈ পৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ এই বিতৰ্কিত ভিডিঅ’।
BJP নেতাৰ এনে বাংলাদেশী প্ৰীতি দেখি হতবাক হৈ পৰে সকলো