শেহতীয়াকৈ ৰঙা চীনৰ সৈতে ঘনিষ্ঠতা বাঢ়িছে বাংলাদেশৰ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চীনৰ সৈতে অৰ্থনৈতিক-কূটনীতিক সম্পৰ্ক মজবুত কৰাৰ বাবে অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে।
সেই উদ্দেশ্য আগত ৰাখি পুনৰ ৮ জুলাইত চীনলৈ উৰা মাৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। এই ভ্ৰমণৰ জৰিয়তে শ্বেখ হাছিনাই চীনৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিব। লগতে, বাংলাদেশে চীনৰ পৰা ২০ আৰৱ আমেৰিকান ডলাৰৰ ঋণ বিচাৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে।
উল্লেখ্য যে, বিগত ১৫ বছৰৰ পৰা চীনৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক বজাই ৰাখিছে বাংলাদেশে। বাংলাদেশৰ কেইবাটাও মেগা প্ৰজেক্টত বিনিয়োগ কৰিছে চীনে। বাংলাদেশৰ পদ্মা নদীৰ ওপৰত দলং নিৰ্মাণ, কৰ্ণফুলি সুৰংগ প্ৰজেক্টত চীনে বিনিয়োগ কৰাৰ পিছত শেহতীয়াকৈ তীস্তা নদীৰ সৰ্ববৃহ প্ৰজেক্টত বিনিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে চীনে।
১৫ বছৰত চীনে বাংলাদেশৰ ১০ টাতকৈ অধিক প্ৰজেক্টত বিনিয়োগ কৰিছে। বাংলাদেশৰ বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত চাৰি বছৰত চীনে ৩ আৰৱ আমেৰিকা ডলাৰৰ বিনিয়োগ কৰিছে।
সমান্তৰালকৈ ৱাছিংটনত থকা আমেৰিকান এন্টাৰপ্ৰাইজ ইনষ্টিটিউটৰ তথ্য মতে, চাৰিবছৰত চীনে ৭ আৰৱ আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে।
উল্লেখ্য যে, ২০১২ চনতে বিশ্ব বেংকে পদ্মা নদীৰ ওপৰত নিৰ্মাণৰত দলঙৰ ওপৰত দুৰ্নীতিৰ অভিযোগ তুলি নিৰ্মাণকাৰ্য স্থগিত কৰিছিল। তেতিয়াৰ পৰাই চীনৰ সৈতে বাংলাদেশৰ সম্পৰ্ক ঘনিষ্ঠ হৈছে।
ইয়াৰ পিছতে বাংলাদেশ চৰকাৰে নিজা প্ৰচেষ্টাত দলংখন সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰিছিল আৰু ২০১৪ চনত ‘চাইনা মেজৰ ব্ৰীজ’ কোম্পানীক দলং নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰিছিল। ইয়াৰ পিছতে ২০১৬ চনত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংয়ে বাংলাদেশ ভ্ৰমণ কৰি ২১ আৰৱ আমেৰিকান ডলাৰৰ ঋণ দিয়াৰ কথা ঘোষণা কৰিছিল।