ইজৰাইলৰ আক্ৰমণত তীব্ৰতৰ হৈ পৰিছে গাজাৰ আকাশ-বতাহ।ইজৰাইলৰ সেনাৰ তথ্য অনুসৰি, ১৮ মাৰ্চত যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পিছতেই ৪৩০ টাতকৈও অধিক লক্ষ্যত বোমা বিস্ফোৰণ কৰা হৈছে।
ইতিমধ্যে সেনাই দাবী কৰিছে যে, এই সকলোবোৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান আছিল। গাজাৰ স্বাস্থ্য বিষয়াৰ মতে, এই আক্ৰমণত এতিয়ালৈকে ৮৩০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত এক বৃহৎ আক্ৰমণ চলায় য’ত প্ৰায় ৮৩০ লোক নিহত হয়। ইয়াৰ উত্তৰত ইজৰাইলে গাজাত সামৰিক ব্যৱস্থা আৰম্ভ কৰে যি বৰ্তমানেও অব্যাহত আছে। এই যুদ্ধত এতিয়ালৈকে মুঠ ৫০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইজৰাইলৰ সেনাই কেৱল গাজাতে নহয়, ছিৰিয়া আৰু লেবাননতো সামৰিক কাৰ্যকলাপ তীব্ৰতৰ কৰি তুলিছে।
ছিৰিয়াত ইজৰাইলৰ ১৮টা লক্ষ্যস্থানত আক্ৰমণ ইজৰাইলে বিগত সপ্তাহত ছিৰিয়াৰ ১৮টা স্থানত আক্ৰমণ চলাইছিল। ইয়াৰ ভিতৰত আছিল তাদমুৰ আৰু টি-৪ৰ দৰে কৌশলগত সামৰিক ঘাটি। ছিৰিয়াৰ কৌশলগত সামৰিক ক্ষমতা দুৰ্বল কৰাৰ প্ৰয়াসত ইজৰাইলে মঙলবাৰ আৰু যোৱা বৃহস্পতিবাৰে বিমান আক্ৰমণ চলাইছিল। ইয়াৰ উপৰিও ইজৰাইলী সেনাই বাফাৰ জ’ন আৰু মাউণ্ট হাৰ্মোনৰ শিখৰত অৱস্থিত ছিৰিয়াৰ বহু সামৰিক ঘাটিও নিয়ন্ত্ৰণ কৰিবলৈ লৈছে।
গাজা, ছিৰিয়া আৰু লেবাননত ইজৰাইলে গ্ৰহণ কৰা সামৰিক ব্যৱস্থাৰ বাবে পৰিস্থিতি অধিক উত্তেজিত হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় সমাজে এই যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে যদিও পৰিস্থিতি এতিয়াও গুৰুতৰ হৈয়ে আছে।