ঈদৰ পূৰ্বে মোদী চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ২ শতাংশ মৰগীয়া বানচ (ডি এ) বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰৰ এই ঘোষণাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল যথেষ্ট সুখী হোৱা পৰিলক্ষিত হৈছে।
এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৫৩ শতাংশ হাৰত ডি এ লাভ কৰিছিল। কিন্তু ২ শতাংশ বৃদ্ধি পোৱাৰ লগে লগে ই ৫৫ শতাংশত উপনীত হয়। কেন্দ্ৰীয় চৰকাৰৰ পৰা অৱসৰ লাভ কৰা কৰ্মচাৰী অৰ্থাত পেঞ্চনাৰসকলেও এই সুবিধা লাভ কৰিব।
এই মৰগীয়া বানচ বৃদ্ধিৰ লক্ষ্য হৈছে অষ্টম দৰমহা আয়োগৰ আগত দৰমহা উন্নত কৰা আৰু মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰাত সহায় কৰা।
ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষৰ জুলাই মাহত বৃদ্ধি পাইছিল মৰগীয়া বানচ। সেইবাৰ ৫০ শতাংশৰ পৰা ৫৩ শতাংশলৈ বৃদ্ধি কৰিছিল ডি এ।
মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীসকলৰ দৰমহা যাতে বৰ্ধিত জীৱন-যাপনৰ খৰচৰ লগত খাপ খাই থাকে তাৰ বাবে চৰকাৰী কৰ্মচাৰীক দিয়া আৰ্থিক সুবিধাই হৈছে মৰগীয়া বানচ।
ইফালে প্ৰতি দহ বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। ইয়াৰ পূৰ্বে ২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰীত সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল। সেই সময়ত দিয়া পৰামৰ্শসমূহ ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ দহ বছৰৰ পাছত ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।