দেশৰ শীৰ্ষ ১০০ গৰাকী ব্যক্তিৰ তালিকাত অন্তৰ্ভূক্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম।
শেহতীয়াকৈ আগৰাশীৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰিলে ভাৰতৰ আটাইতকৈ শক্তিশালী ২০২৫ৰ তালিকা। এই তালিকাত বিগত বৰ্ষৰ দৰে যদিও কেইটিমান নাম একেই আছে, তথাপিও নতুন নামো এই তালিকাত এই সন্নিৱিষ্ট হৈছে।
- এই তালিকাৰ ৩১ সংখ্যক স্থানত আছে নাম অন্তৰ্ভূক্ত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
- এই তালিকাৰ শীৰ্ষ স্থানত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
- দ্বিতীয় স্থানত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নাম।
- তৃতীয় স্থানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয় শংকৰৰ নাম অন্তৰ্ভূক্ত হৈছে।
- চতুৰ্থ স্থানত বিজেপি প্ৰধান মোহন ভাগৱতৰ নাম।
- এই তালিকাৰ পঞ্চম তালিকাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নাম।
- এই তালিকাৰ ১৮ সংখ্যক স্থানৰ পৰা ৫২ নং স্থানলৈ অৱনমিত হৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
- ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৫৫ সংখ্যক স্থানত স্থান লাভ কৰিছে।