পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত হাইলাকান্দিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহী নিহত হোৱাৰ খবৰ আহিছে।
হাইলাকান্দিৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাউৰঘাট অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যুক আকোৱালি লোৱা লোকজনক মনছুৰ আলম লস্কৰ ওৰফে জনি বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, তীব্ৰবেগী ডাম্পাৰখনে মটৰ চাইকেল আৰোহীজনক খুন্দিয়াই ঘটনাস্থলৰ পৰা পলায়ন কৰে। ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তীব্ৰ বেগী ডাম্পাৰৰ বিৰুদ্ধে স্থানীয় লোকসকল ওলাই আহি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকজনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।