আমেৰিকা আৰু ইৰাণৰ মাজত আকৌ এবাৰ মুখামুখি সংঘৰ্ষ দেখা গৈছে। এফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক ভাবুকি দি পাৰমাণৱিক চুক্তিত স্বাক্ষৰ কৰিবলৈ কোৱাৰ বিপৰীতে এতিয়া ইৰাণেও ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে পাৰমাণৱিক কাৰ্যসূচীক লৈ আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে। অৱশ্যে মন্ত্ৰীসভাক সম্বোধন কৰি মাছুদ পেজেছকিয়ানে ইংগিত দিয়ে যে, ইৰাণৰ ৰাজধানী তেহৰানে আমেৰিকাৰ সৈতে পৰোক্ষ আলোচনা কৰিবলৈ সাজু।
ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে, যদি ইৰাণে কোনো চুক্তি নকৰে তেন্তে আমেৰিকাই এনে এক বিস্ফোৰণেৰে আক্ৰমণ কৰিব, যি পূৰ্বে কেতিয়াও দেখা পোৱা হোৱা নাছিল। ইয়াৰ ওপৰত শুল্কও আৰোপ কৰা হ’ব।
ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ট্ৰাম্পে এই সতৰ্কবাণী দিয়ে। ইয়াৰ পূৰ্বে মাৰ্চ মাহত ট্ৰাম্পে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইলৈ এখন পত্ৰ লিখি সকীয়াই দিছিল যে, তেহৰানে হয় নতুন আলোচনাত সন্মতি দিব লাগিব নহ’লে সামৰিক সংঘাতৰ সন্মুখীন হ’ব লাগিব।
উল্লেখ্য যে, ১৯৭৯ চনত ইৰাণৰ বিপ্লৱৰ পিছৰে পৰা আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ সৈতে ইৰাণৰ সম্পৰ্ক উত্তেজিত হৈ পৰিছে। পণবন্দী সংকটৰ পিছতেই দুয়োখন দেশৰ সম্পৰ্কও বিচ্ছিন্ন হয়। ১৯৮০ চনৰ পৰা দুয়োখন দেশৰ মাজত কোনো আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক নাছিল।
১৯৯৫ চনৰ পৰা আমেৰিকাই ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক নিষিদ্ধ কৰিছিল।আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আন এক পদক্ষেপ গ্ৰহণ কৰিছে যে, আমেৰিকাই ইৰাণ আৰু ইয়াৰ প্ৰক্সি সংস্থাসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ ইজৰাইলক দিছে।