ঈদ হ’ল ইছলাম ধর্মাৱলম্বী সকলৰ এক ধৰ্মীয় উৎসৱ।এই উৎসৱ বিশ্বব্যাপী। ইয়াৰ গুৰুত্বও অপৰিসীম, ব্যাপক আৰু গভীৰ।
ঈদ এটা আৰৱীক শব্দ, যাৰ অভিধানিক অর্থ হ’ল উৎসৱ বা আনন্দ। এই দিনটোত সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত বছৰটো যেন ভালদৰে পাৰ হয়, তাৰ বাবে সকলোৱে দোৱা কৰে।
ৰমজান মাহৰ এমাহ ব্যাপী কঠোৰ ৰোজাব্ৰত বা উপবাসৰ অন্তত পালন কৰা হয় ঈদ-উল-ফিটৰ।এই ৰমজান মাহত সকলো ইছলামধৰ্মী লোকসকলে ধৈৰ্য্য আৰু সহনশীলতাৰ পৰীক্ষাৰ উদ্দেশ্যে সম্পূৰ্ণ ৩০ দিন বা ৩১ দিনৰ ৰোজা পালন কৰে। এই ধৰ্মীয় প্ৰথা নতুন নহয়। ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাপক হজৰত মহম্মদৰো পূৰ্বৰ হজৰত আদমৰ দিনৰ পৰাই অব্যাহত আছে।
নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি, আদমে প্ৰতি মাহে ৩ দিন অৰ্থাৎ বছৰত ৩৩ দিন ৰোজা ৰাখিছিল।
এই ৰোজা বা ব্ৰতে আধ্যাত্মিক অভিব্যক্তি দৃঢ় কৰাই নহয়, ই সকলোকে সংযমীও কৰি ৰাখে।ঈদৰ এই পবিত্ৰ দিনটোত নিজৰ সামৰ্থ্য অনুসৰি দুখীয়াসকলক এক নিৰ্দিষ্ট পৰিমাণৰ পুঁজি দান কৰে। যাক ফিতৰা বুলি কোৱা হয়।লক্ষণীয় যে, ঈদৰ নামাজৰ পূৰ্বে ফিতৰা বা জাকাত আদায় দিয়াটো এক জৰুৰী ফৰজ বুলি কোৱা হয়।
ৰমজান মাহক বিশেষ সামাজিক সেৱাৰ মাহ বুলি কলেও বঢ়াই কোৱা নহয়।
আকৌ ৰমজান মাহৰ এক বিজ্ঞানসন্মত বৈশিষ্ট্যও আছে। সম্পূৰ্ণ এমাহ ধৰি পালন কৰা এই উপবাসে ব্যক্তি এজনৰ শাৰীৰিক সুস্থতা বৃদ্ধি পোৱাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ, চৰ্বি নিয়ন্ত্ৰণ, মধুমেহ নিয়ন্ত্ৰণ, পাচনতন্ত্ৰ নিয়ন্ত্ৰণ, হাড় শক্তিশালী কৰা, পেশী শক্তিশালী কৰা, মগজুৰ কাৰ্য্যকলাপ বৃদ্ধি কৰা- এই সকলোবোৰতে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।
এই পবিত্ৰ উসৱে মানুহৰ মনৰ পৰা হিংসা-দ্বেষ, ঘৃণা, লোভ, অস্থিৰতা,অৰাজকতা নাইকীয়া কৰি বিশ্ববাসীলৈ ভ্ৰাতৃত্ববোধৰ বাৰ্তা বিয়পায। লগতে সকলোৰে জীৱনলৈ শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ এক কালজয়ী ভূমিকা পালন কৰে।