কৰ্ণাটকৰ কলবুৰ্গী জিলাৰ জেৱৰ্গী অঞ্চলৰ নেলোগী ক্ৰছৰ সমীপত শনিবাৰে পুৱতি নিশা এখন মিনিবাছে ৰখাই থোৱা এখন ট্ৰাকক খুন্দা মৰাৰ ফলত ১৩ বছৰীয়া কিশোৰীসহ ৫জন লোক নিহত হোৱাৰ লগতে ১১জন লোক আহত হয়। আৰক্ষীয়ে প্ৰদান কৰে এই তথ্য।
আৰক্ষীয়ে জনোৱা মতে, আটাইকেইজন যাত্ৰী বাগালকোটৰ বাসিন্দা আৰু কলবুৰ্গী জিলাৰ এটা দৰগাহলৈ গৈ থকা অৱস্থাত পুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
কলবুৰ্গীৰ আৰক্ষী অধীক্ষক এ শ্ৰীনিবাসুলুৱে কয় যে দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে থিতাতে ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো যাত্ৰী আহত হয়।
প্ৰাথমিক তদন্তৰ উদ্ধৃতি দি আন এজন আৰক্ষী বিষয়াই কয় যে তীব্ৰ বেগত থকা মিনিবাছখনৰ চালকজনৰ টোপনি অহাৰ ফলত গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আৰু লগে লগে বাছখনে পথৰ কাষত ৰা থকা ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল।
তেওঁ কয় যে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে, য’ত তেওঁলোকৰ চিকিৎসা চলি আছে।