অৰ্থনৈতিক সংকটত জৰ্জৰিত হৈ পৰিছে পাকিস্তান। আফগানিস্তানৰ ৰাজধানী কাবুলত অৱস্থিত পাকিস্তানৰ দূতাবাসে কেইবামাহো ধৰি বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ পিছতেই আফগানিস্তান বিদ্যুৎ ব’ৰ্ডে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।
বৰ্তমান পৰিস্থিতি এনেকুৱা যে, এতিয়া পাকিস্তানৰ দূতাবাসৰ বিদ্যুৎ যোগান বন্ধ হোৱাত চিন্তিত হৈ পৰিছে।
আফগানিস্তানৰ ইলেক্ট্ৰিচিটি ব’ৰ্ডে কাবুলত থকা পাকিস্তান দূতাবাসলৈ ১০ লাখ ৩৩ হাজাৰ ৫৩০ আফগানী টকাৰ বিদ্যুৎ বিল প্ৰেৰণ কৰিছে। এই ধনৰাশি ভাৰতীয় মুদ্ৰাত প্ৰায় ৮.৫ লাখ টকা আৰু পাকিস্তানী মুদ্ৰাত ৪০ লাখতকৈও অধিক।
কেইবাখনো জাননী প্ৰেৰণ কৰাৰ পিছতো যেতিয়া ধন পৰিশোধ কৰা নহ’ল, তেতিয়া ব’ৰ্ডে চূড়ান্ত সতৰ্কবাণী দি কয় যে বিল পৰিশোধ নকৰিলে দূতাবাসৰ বিদ্যুৎ যোগান বিচ্ছিন্ন হ’ব।
এই ঘটনাক লৈ পাকিস্তান দূতাবাসৰ কৰ্মচাৰীসকল অতিশয় ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকে নিজৰ প্ৰশাসনক সকীয়াই দিছে যে যদিহে এই বিষয়টো শীঘ্ৰে সমাধান নহয়, তেন্তে কোনো ধৰণৰ সংকটৰ দায়িত্ব তেওঁলোকে নলয়। দূতাবাসে স্পষ্ট কৰি দিছে যে, যদি বিদ্যুৎ বন্ধ হৈ যায় তেন্তে কেৱল যোগাযোগ ব্যৱস্থাই স্তব্ধ হৈ পৰাই নহয়, পাকিস্তানৰ সৈতে তেওঁলোকৰ যোগাযোগো সম্পূৰ্ণৰূপে হেৰাই যাব।
এই সমগ্ৰ বিষয়টোৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ চৰকাৰৰ কৰ্মশৈলী আৰু অৰ্থনৈতিক ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ছ’চিয়েল মিডিয়াত ৰাইজে কৈছে যে, প্ৰধানমন্ত্ৰী শ্বাহবাজে দেশলৈ বদনাম কঢ়িয়াই আনিছে। ঘৰুৱা ক্ষেত্ৰতো পাকিস্তানে ইতিমধ্যে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু আই এম এফৰ কঠোৰ চৰ্তত অশান্তি দিছে। এতিয়া তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অপমানৰ সন্মুখীন হৈছে।
আফগানিস্তান ইলেক্ট্ৰিচিটি ব’ৰ্ডে চেক সহ এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰি পাকিস্তান প্ৰশাসনক আবেদন জনাইছে যে তৎকালীনভাৱে আফগানিস্তানৰ নেশ্যনেল বেংকক বাকী থকা বিল পৰিশোধ কৰিব লাগে। এই ধনৰাশি সময়মতে আদায় নিদিলে দূতাবাসৰ বিদ্যুৎ যোগান বন্ধ হৈ যাব।