অসমৰ বাপতি সাহোন ব’হাগ বিহুৰ বাবে ৰাজ্যবাসীয়ে প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে ইয়াক লৈ আহিছে এক উদ্বেগজনক খবৰ। বৰাক উপত্যকাস্থিত অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা এটা সিদ্ধান্তৰ বাবে এতিয়া ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
ইয়াৰ কাৰণ হৈছে বিশ্ববিদ্যালয়খনে ৱেবছাইটযোগে প্ৰকাশ কৰা বন্ধৰ তালিকাত নাই ব’হাগ বিহুৰ বন্ধ। এই তালিকা প্ৰকাশ পোৱাৰ পিছতে হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি ১৫ এপ্ৰিলত ব’হাগ বিহুৰ দিনটোত নন টীচিং ষ্টাফৰ বাবে Restricted Holiday ঘোষণা কৰে।
উল্লেখ্য যে, অসম চুক্তিৰ ফলশ্ৰুতিত স্থাপন হোৱা অসম বিশ্ববিদ্যালয়খনৰ এই হঠকাৰী সিদ্ধান্তৰ পিছতে সচেতন মহলৰ মাজত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰু ইয়াৰ পিছতে আজি অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই জাননীযোগে ১৪ এপ্ৰিলৰ দিনটো বন্ধ ঘোষণা কৰে।
১৪ এপ্ৰিলৰ দিনটো বন্ধ ঘোষণা কৰিলেও অৱশ্যে সেয়া বিহুৰ বন্ধ নহয়। ৱেবছাইটত প্ৰকাশ পোৱা তালিকাখনত এই দিনটোত বি আৰ আম্বেদকাৰৰ জন্মজয়ন্তী উপলক্ষ্যে বিশ্ববিদ্যালয়খন বন্ধ থাকিব বুলিহে উল্লেখ কৰা হৈছে।
উল্লেখ্য যে, শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত বহু শিক্ষাৰ্থী আৰু বিষয়া-কৰ্মচাৰী ব্ৰহ্মপুত্ৰ উপত্যকাৰ। সেয়ে অসমৰ বাপতি সাহোন বিহুত বন্ধ নিদিয়াক কেন্দ্ৰ কৰি এইসকল শিক্ষাৰ্থী আৰু বিষয়া-কৰ্মচাৰীৰ মাজত অসন্তুষ্টিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে।