২০২৫ চনৰ ১৪ এপ্ৰিলৰ পুৱা আজমেৰ জিলাৰ ডোদিয়ান গাঁৱত সন্দেহজনক পৰিস্থিতিত এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰাণহানি হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটো কঁপাই তোলে। ২৪ বছৰীয়া এই মহিলাগৰাকীক ঘৰৰ চাঁদত উদ্ধাৰ কৰা হয়।
লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ নিথৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰা হয়।
১৫ এপ্ৰিলত ভুক্তভোগীৰ পিতৃ অমৰাৰামে থানাত ৰিপৰ্ট দাখিল কৰিছিল, য’ত তেওঁৰ স্বামী শিৱজী আৰু প্ৰেমিকা ৰেখাই তেওঁৰ কন্যাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
ইফালে আৰক্ষী অধীক্ষক বন্দিতা ৰানাৰ নেতৃত্বত গঠন হোৱা বিশেষ দলটোৱে কাৰিকৰী তদন্ত, দৃশ্য বিশ্লেষণ আৰু প্ৰমাণ সংগ্ৰহৰ দৰে প্ৰচেষ্টাৰ অন্তত মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে এই জঘন্য হত্যাকাণ্ডৰ ৰহস্য সমাধান কৰে।
তদন্তত প্ৰকাশ পাইছে যে, শিৱজী হৈছে এজন ভজন গায়ক যিয়ে ৫ বছৰ পূৰ্বে ৰেখা নামৰ এগৰাকী মহিলাক মন্দিৰত লগ পাইছিল আৰু ইয়াৰ পিছতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠিছিল। প্ৰেমিকা ৰেখাই শিৱজীৰ সৈতে বিবাহৰ চৰ্ত ৰাখি পত্নী শোভাক বাটৰ পৰা আঁতৰাই দিয়াৰ দাবী আগবঢ়াইছিল।
আৰক্ষীৰ মতে, ১৩ এপ্ৰিলৰ নিশা শিৱজীয়ে কথা পতাৰ অজুহাতত পত্নী শোভাক ঘৰৰ চাঁদৰ ওপৰলৈ মাতি নি টাৱেলেৰে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত তেওঁ ৰেখাক ফোন কৰি কয় যে, তেওঁলোকৰ পৰিকল্পনা সম্পূৰ্ণ হৈছে। প্ৰথম অৱস্থাত শিৱজীয়ে পত্নীৰ এই ঘটনাক চৰম সিদ্ধান্ত বা হাৰ্ট এটেক বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তীব্ৰ জেৰাৰ সময়ত দুয়ো অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰে। মঙ্গলীয়াৱাছ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি এই হৃদয়বিদাৰক প্ৰেমৰ ষড়যন্ত্ৰক সফলতাৰে উদঙাই দিয়ে।