পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকীকৈ ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুওৱা ঘটনাৰ পিছতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল ভাৰতে। ভাৰতৰ কঠোৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়াৰূপে বৃহস্পতিবাৰে পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে কেতবোৰ প্ৰতিশোধমূলক সিদ্ধান্ত গ্ৰহণ কৰিছে।
বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ অধ্যক্ষতাত ইছলামাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা সমিতিৰ বৈঠকত পাকিস্তানে গ্ৰহণ কৰা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-
১. ভাৰত-পাকিস্তানৰ মাজত সকলো দ্বিপাক্ষক চুক্তি বাতিল
২. ১৯৭২ চিমলা চুক্তিও বাতিল কৰাৰ হুংকাৰ
৩. ৱাঘা সীমান্ত বন্ধ কৰাৰ ঘোষণা
৪. ভাৰতৰ বাবে এয়াৰ স্পেচ বন্ধ কৰাৰো ঘোষণা পাকিস্তানৰ
এই সিদ্ধান্ত সমূহৰ উপৰি পাকিস্তানৰ তৰফৰ পৰা কোৱা হয় যে যদি ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰে তেন্তে ইয়াক এক্ট অৱ ৱাৰ অৰ্থাত যুদ্ধৰ কাৰ্যৰ দৰে গণ্য কৰা হ’ব। তদুপৰি ভাৰতৰ সৈতে সকলো ধৰণৰ ব্যৱসায়ীক চুক্তি বাতিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আজিৰ এই বৈঠকত পাকিস্তানৰ তিনিওগৰাকী সেনা অধ্যক্ষ, শীৰ্ষ মন্ত্ৰী, শীৰ্ষ অসামৰিক আৰু সামৰিক বিষয়াসকল উপস্থিত আছিল।