পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কত উত্তেজনা স্পষ্টকৈ দেখা গৈছে। দুয়োখন দেশৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
এই সকলোবোৰৰ মাজতে সোমবাৰে ভাৰত আৰু ফ্ৰান্সৰ মাজত ৬৩৮৮৭ কোটি টকাৰ মেগা চুক্তি স্বাক্ষৰিত হ’বলৈ গৈ আছে। দুয়োখন দেশে এই চুক্তি অনুমোদন কৰিবলৈ ওলাইছে।
এই চুক্তিৰ অধীনত ভাৰতে ফ্ৰান্সৰ পৰা পোনপটীয়াকৈ ২৬খন ৰাফেল-মেৰিন যুদ্ধ বিমান অধিগ্ৰহণ কৰিব। এইবোৰ থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তত নিয়োগ কৰা হ’ব।
ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা বাতিল হোৱাৰ বাবে এতিয়া ভাৰত আৰু ফ্ৰান্সৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত নতুন দিল্লীত চুক্তি স্বাক্ষৰিত হ’ব। এই চুক্তিৰ সময়ত দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে ভাৰ্চুৱেলি যোগদান কৰিব। এই চুক্তিত ২২খন একক আসনৰ ৰাফেল-এম আৰু ৪খন টুইন আসনৰ ট্ৰেইনাৰ জেটৰ উপৰিও কিছুমান অস্ত্ৰ, চিমুলেটৰ, ক্ৰু প্ৰশিক্ষণ, ৰক্ষণাবেক্ষণ আৰু অপাৰেচন (এম আৰ অ’)ৰ লগতে ৫ বছৰৰ বাবে লজিষ্টিক সহায়ো অন্তৰ্ভুক্ত কৰা হৈছে।
এই চুক্তিত ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত ৫৯ হাজাৰ কোটি টকা ব্যয় কৰি ভাৰতে ক্ৰয় কৰা আই এ এফৰ সৈতে ইতিমধ্যে সেৱাত থকা ৩৬খন ৰাফেল জেটৰ কিছু অতিৰিক্ত অংশ আৰু সঁজুলিও অন্তৰ্ভুক্ত কৰা হৈছে।
এই চুক্তিয়ে ভাৰতীয় নৌসেনাৰ কৌশলগত সামৰ্থ্য বহু পৰিমাণে বৃদ্ধি কৰিব আৰু আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতিৰক্ষা নীতি আৰু অধিক শক্তিশালী কৰিব।