- কাইলৈ অৰ্থাৎ বুধবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।
- আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
- সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰে শিক্ষামন্ত্ৰীয়ে।
- অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে আজি জাননী প্ৰকাশ কৰিব।
- কেইবাটাও ৱেৱচাইটত প্ৰকাশ পাব এই ফলাফল।
- এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৩,০২,৪২০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।
- ইয়াৰ ভিতৰত আছে ১ লাখ ৪৪ হাজাৰতকৈও অধিক ছাত্র আৰু প্ৰায ১ লাখ ৬৩ হাজাৰ গৰাকী ছাত্রী।
- কলা শাখাত প্ৰায় ২ লাখ ৩১ হাজাৰ, বিজ্ঞান শাখাত প্ৰায় ৫৮ হাজাৰ, বাণিজ্য শাখাত প্ৰায় ১৮ হাজাৰ আৰু বৃত্তিমূলক শাখাত প্ৰায় ১,৩০০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।