ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান। এইবাৰ ৰঙিয়া আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। ৰঙিয়াৰ সাহান গাঁৱৰ পৰা নিচাযুক্ত দ্ৰব্যসহ আৰক্ষীয়ে আটক কৰে পিংকু আলী নামৰ এজনক।
ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথে জানিবলৈ দিয়া মতে এক গোপন খবৰৰ আধাৰত ৪ এপ্ৰিলত ৰঙিয়া আৰক্ষীৰ দল এটা উপস্থিত হয় ৰঙিয়াৰ সাহান গাঁৱৰ পিংকু আলীৰ গৃহত।
অভিযুক্তৰ গৃহত আৰক্ষী উপস্থিত হৈ ঘৰৰ ভিতৰৰ ১৭ টা কন্টেনাৰত ২৪ গ্ৰাম সন্ধেহজনক ড্ৰাগছ, ৯০ টা খালী কন্টেইনাৰ, ২২ হেজাৰ নগদ ধন লগতে এটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়।
ইফালে আৰক্ষীয়ে লগে লগে পিংকু আলীক আটক কৰে। বৰ্তমান পিংকুক ৰঙিয়া আৰক্ষী থানালৈ আনি অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰখা হৈছে।