তিনি বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ইস্তানবুলত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষ আলোচনা হয় যদিও যুদ্ধবিৰতিৰ ক্ষেত্ৰত কোনো চুক্তিত উপনীত নহয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাকাৰী প্ৰচেষ্টাৰ পিছতো দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত প্ৰায় দুঘণ্টা ধৰি এখন বৈঠক চলে যদিও ইয়াৰ কোনো সুনিৰ্দিষ্ট ফলাফল পোৱা নাযায়।
কিন্তু ১ হাজাৰ যুদ্ধবন্দীৰ আদান-প্ৰদানৰ ক্ষেত্ৰত এক চুক্তিত উপনীত হয়, যিটো আজিলৈকে দুয়োখন দেশৰ মাজত সৰ্ববৃহৎ চুক্তি হ’ব।
ৰাছিয়াই যুদ্ধবিৰতিৰ পূৰ্বে ইউক্ৰেইনে নিজৰ কিছুমান ভূখণ্ড প্ৰত্যাহাৰ কৰাটো বিচাৰিছিল, যিটো কিয়েভে স্পষ্টভাৱে নাকচ কৰিছিল। ৰাছিয়াৰ পক্ষৰ পৰা বৈঠকৰ নেতৃত্ব দিয়া ভ্লাদিমিৰ মেডিনস্কিয়ে কয় যে, সম্ভাৱ্য যুদ্ধবিৰতি সন্দৰ্ভত দুয়োপক্ষৰ মতামতৰ বাবে তেওঁলোক সন্মত। অৱশ্যে ইউক্ৰেইনে এই দাবীসমূহৰ প্ৰতি সন্মতি প্ৰদান নকৰে বুলি প্ৰকাশ কৰে।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনা শেষ হোৱাৰ লগে লগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভোল’ডিমিৰ জেলেনস্কিয়ে ফ্ৰান্স, জাৰ্মানী, পোলেণ্ড আৰু ট্ৰাম্পৰ সৈতে পুনৰ আলোচনাত মিলিত হয়। তেওঁ কয় যে যদি ৰাছিয়াই এই যুদ্ধবিৰতিত সন্মতি নিদিয়ে, তেন্তে পশ্চিমীয়া দেশসমূহে কঠোৰ নিষেধাজ্ঞাৰ আশ্ৰয় লোৱা উচিত। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰেও ৰাছিয়াৰ স্থিতি স্পষ্টভাৱে অগ্ৰাহ্যযোগ্য বুলি অভিহিত কৰি পশ্চিমীয়া দেশসমূহক তেওঁলোকৰ সঁহাৰি বিবেচনা কৰিবলৈ কয়।