কামৰূপৰ শিঙিমাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বহিঃৰাজ্যত উদ্ধাৰ হৈছে সন্ধানহীন দুই ছাত্ৰী। বহিঃৰাজ্যৰ পৰা দুয়োগৰাকী ছাত্ৰীক উদ্ধাৰ কৰে অসম আৰক্ষীয়ে। বহিঃৰাজ্যৰ হাৰিয়ানা আৰু বিহাৰৰ বেগুচৰাইৰ পৰা উদ্ধাৰ হৈছে ছাত্ৰী দুগৰাকী।
উল্লেখ্য যে, ৩ মে’ৰ পৰা সন্ধানহীন হৈ আছিল এই ছাত্ৰী ২ গৰাকী। তেওঁলোক ২গৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত। উক্ত ঘটনাৰ দিনটোত কামৰূপৰ শিঙিমাৰীত বিদ্যালয়লৈ যোৱা পথৰ পৰাই সন্ধানহীন হয় নৱম শ্ৰেণীৰ দুই ছাত্ৰী। ইয়াৰ পিছতেই দুই ছাত্ৰীৰ নিৰুদ্দেশ সন্দৰ্ভত দদৰা আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰে এজাহাৰ।
দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিজুমণি বাংথাইৰ নেতৃত্বত আৰক্ষীৰ এটি দলে হাৰিয়ানা আৰু বিহাৰৰ পৰা উদ্ধাৰ কৰে নিৰুদিষ্ট এই ২গৰাকী ছাত্ৰীক।
ঘটনাৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছিল দুই কিশোৰী বহিঃৰাজ্যত থকাৰ তথ্য। আচলতে সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হৈ বিহাৰৰ ৰৌণক কুমাৰ নামৰ এগৰাকী যুৱকৰ সৈতে প্ৰেম হৈছিল এগৰাকী ছাত্ৰীৰ। যাৰবাবে সম্পৰ্কীয় দুয়োগৰাকী ছাত্ৰীয়ে ৰে’লেৰে পাইছিল বিহাৰৰ বেগুচৰাই৷
সম্প্ৰতি দদৰা আৰক্ষীয়ে ৰৌণক কুমাৰ নামৰ বিহাৰৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে। লগতে ছাত্ৰী ২গৰাকীকো আৰক্ষীৰ জিম্মাত ৰখা হয়।
পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দদৰা আৰক্ষীয়ে তদন্ত চলাই কম সময়ৰ ভিতৰত ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰা কাৰ্যক প্ৰশংসা কৰে ৰাইজে।