মধ্যপ্ৰাচ্যৰ যুদ্ধ বন্ধ হোৱাৰ কোনো লক্ষণ বৰ্তমানেও দেখা যোৱা নাই। গাজাত চলি থকা ইজৰাইলৰ আক্ৰমণ বন্ধ কৰাৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে।
একে সময়তে বিগত ১৮ মাহ ধৰি পেলেষ্টাইনীসকলৰ সৈতে সংহতি প্ৰদৰ্শন কৰি য়েমেনৰ হুথীয়ে ইজৰাইলক আক্ৰমণ কৰি লোহিত সাগৰত থকা জাহাজসমূহক লক্ষ্য কৰি লৈ আহিছে। এতিয়া হুথী গোটটোৱে ইজৰাইলৰ বিৰুদ্ধে নিজৰ নতুন নীতি প্ৰকাশ কৰিছে।হাইফা বন্দৰ আৰু বেন গুৰিয়ান বিমানবন্দৰক লক্ষ্য কৰি ইজৰাইলৰ অৰ্থনীতি ধ্বংস কৰাৰ ভাবুকি দিছে।
আনছাৰ আল্লাহ (হুথী)ৰ জ্যেষ্ঠ সদস্য মহম্মদ আল ফাৰাহে ২২ মে’ত নিশ্চিত কৰে যে, এই গোটটোৱে ইজৰাইলৰ কৌশলগত অৰ্থনৈতিক কেন্দ্ৰ হাইফা বন্দৰক নতুন আক্ৰমণত লক্ষ্য কৰি লৈছে। লেবাননৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আল ফাৰাহে সকীয়াই দিয়ে যে, অনাগত দিনত আৰু অধিক চাঞ্চল্যকৰ আক্ৰমণ সংঘটিত হ’ব।
হুথীৰ আক্ৰমণ আৰু লোহিত সাগৰ ছীল কৰাৰ পিছত ইজৰাইলৰ আইলাট বন্দৰ প্ৰায় স্থবিৰ হৈ পৰিছে। এতিয়া ইয়াৰ অধিকাংশ অৰ্থনৈতিক কাম হাইফা বন্দৰৰ জৰিয়তে কৰা হৈছে। যোৱা বছৰ হাইফা বন্দৰক হিজবুল্লাই লক্ষ্য কৰি লৈছিল যদিও ইজৰাইলে প্ৰতিশোধ লয় আৰু লেবানন সীমান্তৰ পৰা হিজবুল্লাহক পিছুৱাই পঠিয়ায়।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আল ফাৰাহে কয় যে, য়েমেনৰ প্ৰতিৰোধ ক্ষমতাই ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ফলত ইজৰাইলৰ পৰ্যটন আৰু বিনিয়োগ খণ্ডত বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু দেশখনক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি তুলিছে। লগতে কয় যে, তেওঁলোকৰ অভিযানৰ পিছত আৰু কোনেও ইজৰাইলত বিনিয়োগ বা ছুটী লোৱাৰ কথা চিন্তা কৰা নাই।