নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ জৰিয়তে ৰাইজৰ সন্মুখত নিজৰ মনৰ কথা ব্যক্ত কৰে। আজি অনুষ্ঠানটিৰ ১২২ তম খণ্ড সম্প্ৰচাৰ হয়।
এই অনুষ্ঠানটিত প্ৰধানমন্ত্ৰী মোদীয়ে বহু বিষয়ত ভাষণ দিয়ে। এই সময়ত তেওঁ ভাৰতীয় সেনাৰ বীৰত্ব অপাৰেচন সেন্দুৰৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে, দেশৰ প্ৰতিজন নাগৰিকে সংকল্প লৈছে যে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগিব। লগতে তেওঁ কয় যে অপাৰেচন সেন্দুৰ কেৱল সামৰিক অভিযান নহয়, ই ভাৰতৰ পৰিবৰ্তনৰ এক জীয়া ছবি।
প্ৰধানমন্ত্ৰীয়ে কয় যে, বৰ্তমান সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। ‘অপাৰেচন সেন্দুৰ’ৰ সময়ত ভাৰতৰ সেনাবাহিনীয়ে যি বীৰত্ব দেখুৱাইছে, সেই বীৰত্বই প্ৰতিজন হিন্দুস্তানীক গৌৰৱান্বিত কৰি তুলিছে। সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী ঘাটিসমূহ ভাৰতীয় সেনাই যি স্পষ্টতা, সঠিকতাৰে ধ্বংস কৰিলে সেয়া সচাঁকৈয়ে প্ৰশংসনীয়। ‘অপাৰেচন সেন্দুৰে’ সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন আত্মবিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে।
২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটো ২২টা ভাৰতীয় ভাষা আৰু ২৯টা উপভাষাৰ লগতে ফৰাচী, চীনা, ইণ্ডোনেছিয়ান, তিব্বতী, বাৰ্মিজ, বেলুচি, আৰবী, পাষ্টু, পাৰ্চী, দাৰী আৰু শ্বাহিলীকে ধৰি ১১টা বিদেশী ভাষাত সম্প্ৰচাৰিত হয়। আকাশবাণীৰ ৫০০ৰো অধিক কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত ‘মন কি বাত’ অনুষ্ঠান।