আজি ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে অসমত তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰে এন ডি এ চৰকাৰে।
পুৱা ১১.৪০ বজাত খানাপাৰাত শপত গ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সৈতে ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে কেবিনেট মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে।
শপতগ্ৰহণ সমাৰোহত সমাবেত হয় ১ লাখ লোক। NDA-শাসিত ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসহ বহুকেইখন ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰীয়ো উপস্থিত থাকে এই অনুষ্ঠানত।









