অৱশেষত মুকলি আকাশৰ তললৈ আহিল দুলীয়াজানৰ এটা পেট্ৰ’ল পাম্পক কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰ পিছতেই গ্ৰেপ্তাৰ হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল শংকৰজ্যোতি।
ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাগৰাকীক যোৱা ১৯ মে’ত দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰাক লৈ ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। ৩০ হাজাৰ টকা বেইল বণ্ডৰ বিনিময়ত অন্তৱৰ্তীকালীন জামিন প্ৰধান কৰিছিল উচ্চ ন্যায়ালয়ে।
আদালতে শংকৰক দিছে অন্তৰ্ৱৰ্তীকালীন জামিন। দুটা গোচৰৰ এটাত ১৯ মে’তেই জামিন পাইছিল প্ৰাক্তন ছাত্ৰনেতা জনে। অৱশ্যে সোমবাৰে দ্বিতীয়টো গোচৰতো জামিন মঞ্জুৰ হোৱাত আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহে।
কাৰাগাৰৰ পৰা ওলাই আহিয়েই সংবাদ মাধ্যমৰ আগত শংকৰজ্যোতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। স্বাভিমানৰ পক্ষত থাকি যিসকলে মাত মাতিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। জনতা সদায় জনাৰ্দন।’
উল্লেখ্য যে, দুলীয়াজান পেট্ৰ’ল পাম্প কাণ্ডৰ পিছতেই তনু শ্বাহী নামৰ এগৰাকী যুৱতীৰ গোচৰৰ ভিত্তিত যোৱা ১৯ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল শংকৰজ্যোতি বৰুৱাক।