কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী মহিলাক সৰবৰাহ কৰাৰ অভিযোগ এক দম্পতীৰ বিৰুদ্ধে। এই দম্পতীৰ বিৰুদ্ধে বাগানৰ যুৱতী-মহিলাক বৃহৎ ধনৰ কমিছনৰে বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হয়।
এই ঘটনা গৈছে চামগুৰিৰ চাপানালাৰ। কামৰ মিছা প্ৰলোভনেৰে দীপক গুৱালা আৰু তেওঁৰ পত্নীয়ে বহিঃৰাজ্যলৈ যুৱতী মহিলাক সৰবৰাহ কৰাৰ অভিযোগ দিয়ে এগৰাকী মহিলাই।
অভিযোগ অনুসৰি, দুমাহ পূৰ্বে মহিলা গৰাকীক এই দম্পতীয়ে দিল্লীৰ এটা এজেণ্টৰ হাতত ৫০,০০০টকাত বিক্ৰী কৰিছিল। আকৌ দিল্লীৰ এজেণ্টটোৱে ঘৰুৱা কামৰ বাবে এটা পৰিয়ালৰ হাতত বিক্ৰী কৰে। পিছে এই পৰিয়ালটোৱে শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে।
পিছত দুমাহৰ দৰমহা নোলোৱাকৈ যিকোনো প্ৰকাৰে পলাই আহি চামগুৰিৰ চাপানালাৰ নিজ বাসগৃহত উপস্থিত হয় মহিলাগৰাকী। উভতি আহিয়েই প্ৰৱঞ্চক দম্পতীৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত এজাহাৰ মহিলাগৰাকীয়ে।
লগতে মহিলাগৰাকীয়ে দাবী কৰে যে, বহিঃৰাজ্যৰ এটা চক্ৰৰ লগত জড়িত হৈ চাহ বাগানৰ বহু যুৱতী-মহিলাক ঠগ- প্ৰৱঞ্চনাৰে সৰবৰাহ কৰাৰ লগতে এতিয়াও বহু যুৱতী-মহিলা বহিঃৰাজ্যত আৱদ্ধ হৈ আছে।