জুন মাহতে উৎকট গৰমে দহিছে দেশবাসীক। মে’ মাহত দিল্লী, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যৰ বৰষুণে উৎকট গৰম অনুভৱ কৰিবলৈ নিদিয়ে যদিও জুন মাহত এতিয়া দিল্লীৰ লগতে আন ৰাজ্যৰ লোকসকলেও গৰমৰ সন্মুখীন হৈছে। সোমবাৰে দেশৰ ৰাজধানীত পাৰাৰ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছত উপনীত হয়।
আজি পুৱাই গুৱাহাটীত ৩৫ ডিগ্ৰী ছেলছিয়াছ। ৪৪ ডিগ্ৰী ছেলছিয়াছ তাপ অনুভৱ কৰিছে গুৱাহাটীৰ জনতাই। আকৌ লখিমপুৰত ৩৩ ডিগ্ৰী ছেলছিয়াছ, নলবাৰীত ৩২ ডিগ্ৰী ছেলছিয়াছ, বৰপেটাত ৩৬ ডিগ্ৰী ছেলছিয়াছ, তিনিচুকীয়াত ৩১ ডিগ্ৰী ছেলছিয়াছ, মৰিগাঁৱত ৩২ ডিগ্ৰী ছেলছিয়াছ, যোৰহাটত ৩২ ডিগ্ৰী ছেলছিয়াছ, বিশ্বনাথত ৩২ ডিগ্ৰী ছেলছিয়াছ, হাইলাকান্দিতত ৩০ ডিগ্ৰী ছেলছিয়াছ, শোণিতপুৰত ৩২ ডিগ্ৰী ছেলছিয়াছ, কাছাৰত ৩০ ডিগ্ৰী ছেলছিয়াছ, গোলাঘাটত ৩২ ডিগ্ৰী ছেলছিয়াছ, ডিমা হাছাওত ৩২ ডিগ্ৰী ছেলছিয়াছ, ধুবুৰীত ৩২ ডিগ্ৰী ছেলছিয়াছ, কৰিমগঞ্জত ৩২ ডিগ্ৰী ছেলছিয়াছ, নগাঁৱত ৩২ ডিগ্ৰী ছেলছিয়াছ, কাৰ্বি আংলঙত ২৮ ডিগ্ৰী ছেলছিয়াছ।
সোমবাৰে ৰাজধানী চহৰখনত দিনটো পৰিষ্কাৰ আকাশ আৰু উজ্জ্বল ৰ’দৰ বাবে জনসাধাৰণে তীব্ৰ গৰমৰ কবলত ভুগিছিল। আজিও ৰাজধানীত তীব্ৰ গৰম পৰিব। দিল্লীত আজি ৪৯ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৯ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। গ্ৰীষ্মপ্ৰৱাহৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট।অনাগত ৪ দিন ধৰি গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থকাৰ সম্ভাৱনা।
উত্তৰ প্ৰদেশতো গৰমে দহিছে ৰাজ্যবাসীক। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, আজি ৰাজ্যখনৰ পূৱ আৰু পশ্চিম উভয় প্ৰান্তৰ বতৰ শুকান হ’বলৈ গৈ আছে। বতৰ বিজ্ঞান বিভাগে ললিতপুৰ, ঝান্সী, জালাউন, মহোবা, হামিৰপুৰ, ইটাৱা, ফিৰোজাবাদ, আগ্ৰা, হাথৰাছ, আলিগড় আৰু মথুৰাত গৰমৰ ঢৌ সন্দৰ্ভত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।
ৰাজস্থানত গৰমৰ প্ৰভাৱ দেখা গৈছে। গৰমৰ ঢৌৰ বাবে শ্ৰীগংগানগৰত সৰ্বোচ্চ উষ্ণতা হৈছে ৪৭.৩ ডিগ্ৰী। বতৰ বিজ্ঞান বিভাগে আগন্তুক এসপ্তাহৰ বাবে পশ্চিম ৰাজস্থানৰ বেছিভাগ ঠাইতে খৰালি বতৰ আৰু গৰমৰ ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে। ১৫-১৬ জুনত ভৰতপুৰ সংমণ্ডলৰ কোটাত বজ্ৰপাতৰ সৈতে কিছু ঠাইত সামান্য বৰষুণ হ’ব পাৰে। এই সপ্তাহতো হাৰিয়ানা আৰু পঞ্জাৱতো তীব্ৰ গৰমৰ সম্ভাৱনা আছে।