ইজৰাইলৰ সৈতে উত্তেজনাৰ মাজতে ১৪ জুন, দেওবাৰে ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, বিগত তিনিদিনত ইজৰাইলৰ আক্ৰমণত ২২৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২০০ৰো অধিক লোক আহত হৈছে।
ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ হুছেইন কেৰমানপুৰে কয় যে ইজৰাইলৰ ৬৫ ঘণ্টাৰ বোমা বিস্ফোৰণত আহত হোৱা ১২৭৭ জন আহত হোৱাৰ লগতে নিহত ২২৪ জনৰ ভিতৰত মহিলা, পুৰুষ আৰু শিশুও আছে। লগতে তেওঁ কয় যে, মৃত্যু হোৱা লোকৰ ৯০% সাধাৰণ নাগৰিক।
ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে প্ৰকাশ কৰা অনুসৰি, এই আক্ৰমণত ইৰাণৰ চোৰাংচোৱা মুৰব্বী মহম্মদ কাজমি আৰু আন দুজন জেনেৰেলও নিহত হৈছে। এইবোৰৰ বাহিৰেও এই আক্ৰমণত বহু উচ্চ পৰ্যায়ৰ সামৰিক বিষয়া আৰু পাৰমাণৱিক বিজ্ঞানীয়েও প্ৰাণ হেৰুৱাইছে।
একে সময়তে ইজৰাইলে কয় যে ১২ জুনত দেশখনত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৯০ জন লোক আহত হৈছে। এ এফ পিৰ মতে, ইৰাণৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াই দেওবাৰে সকীয়াই দিছিল যে, ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ লোৱা হ’ব।
দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, তেওঁৰ দেশখনে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা অব্যাহত ৰাখিব। তেওঁ কয় যে, ইৰাণৰ পাৰমাণৱিক স্থান ইজৰাইল আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ বাবে ভাবুকি, গতিকে ইয়াক ধ্বংস কৰাটো প্ৰয়োজনীয়। নেতানিয়াহুৱে কয় যে, তেওঁলোকে দুটা ডাঙৰ লক্ষ্য পূৰণৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিব।প্ৰথমটো হ’ল পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি আৰু দ্বিতীয়টো হ’ল ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ভাবুকি।
লগতে তেওঁ কয় যে, নিজৰ সুৰক্ষাৰ বাবে তেওঁলোকে এই পদক্ষেপ লৈছে, কিন্তু তেওঁলোকৰ লক্ষ্য কেৱল নিজকে ৰক্ষা কৰাই নহয়, এই বিপজ্জনক চৰকাৰৰ পৰা বিশ্বক ৰক্ষা কৰা। বিশ্বৰ আটাইতকৈ বিপজ্জনক চৰকাৰখনৰ হাতত আটাইতকৈ বিপজ্জনক অস্ত্ৰ থকাটো উচিত নহয়।