এগৰাকী সহজ-সৰল মহিলাৰ সৈতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেখন গাঁওৰে নুৰুল হকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ।
তামাৰহাটৰ উজানপেটলা বৰভিটা গাঁৱত জঘন্য ঘটনা। এগৰাকী সহজ-সৰল মহিলাক একেখন গাঁৱৰে এজন চল্লিশোৰ্ধৰ ব্যক্তিয়ে কৰিলে নিৰ্যাতন চলাই কৰিলে অন্তঃসত্তা।
মহিলাগৰাকীক ৭ মাহৰ অন্তঃসত্তা কৰাৰ অভিযোগত গাঁওখনৰে এজন চল্লিশোৰ্ধৰ ব্যক্তি নুৰুল হকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি এই অভিযুক্তই মহিলাগৰাকীৰ অপকৰ্ম সংঘটিত কৰি আহিছিল। ব্যক্তিজনৰ এই কু-কাণ্ডৰ ঘটনা প্ৰকাশ কৰিলে মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিছিল অভিযুক্তই।
পিছত মহিলাগৰাকীৰ শাৰীৰিক পৰিৱৰ্তন হোৱাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজে। অৱশেষত পৰিয়ালৰ লোকে মহিলা গৰাকীক সোধাপোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
ইয়াৰ পিছত লগে লগে আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালে। মহিলাগৰাকীয়ে দিন হাজিৰা কৰি পোহপাল দিছিল নিজৰ বৃদ্ধ মাতৃক।
এই ঘটনা পোহৰলৈ অহাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী। এই অভিযুক্তই ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেধৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে।