No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- জনতাৰ মূৰত মাধমাৰ। ১০ দিনত চতুৰ্থবাৰলৈ বৃদ্ধি ইন্ধনৰ দাম। প্ৰতিলিটাৰ পেট্ৰ’লত ২.৬১ টকাকৈ বৃদ্ধি দাম। প্ৰতিলিটাৰ ডিজেলত ২.৭১ টকাকৈ বৃদ্ধি দাম। গুৱাহাটীত ১০৫ টকাৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০২.১২ টকা আৰু দিল্লীত প্ৰতিলিটাৰ ডিজেলত ৯৫.২০ টকা।
- ২৫ মে’ত মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ আম্বেনালি ঘাটত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। দুৰ্ঘটনাত ৮ জনকৈ লোকৰ প্ৰাণহানি। মহাবলেশ্বৰ আৰু পোলাডপুৰৰ মাজত অৱস্থিত আম্বেনালি ঘাটত সংঘটিত হয় এই ঘটনা। নিহত আটাইকেইজন সতৰাৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী প্ৰশাসনে মহাবলেশ্বৰ ট্ৰেকাৰছ, প্ৰতাপগড উদ্ধাৰ দল, আৰু স্থানীয় বাসিন্দাসকলৰ সৈতে যৌথভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
- ইউক্ৰেইনৰ ৰাজধানী কীৱত ২৪ মে’ৰ নিশা ৰাছিয়াই ড্ৰ’ন আৰু মিছাইলৰে বিধ্বংসী আক্ৰমণ চলায়। এই আক্ৰমণৰ পিছতেই কীৱৰ বহু ঠাইত জুই, বিস্ফোৰণ আৰু ধোঁৱাৰ এক ভয়ানক দৃশ্য দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত কীৱৰ মধ্য অংশত ক্ৰুজ মিছাইল পৰি থকা দেখা গৈছে। মিছাইলটো খুন্দা মৰাৰ লগে লগে এক বৃহৎ বিস্ফোৰণ ঘটে। গোটেই ৰাতি কিয়ভত বিস্ফোৰণৰ শব্দ প্ৰতিধ্বনিত হৈ থাকে।
- মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকা, ইৰাণ আৰু পশ্চিম এছিয়াৰ কেইবাখনো দেশৰ মাজত শান্তি চুক্তিৰ দিশত যথেষ্ট অগ্ৰগতি হৈছে। ট্ৰাম্পে উল্লেখ কৰে যে তেওঁ হোৱাইট হাউছৰ অভাল অফিচত কেইবাখনো দেশৰ নেতাৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল। এই আলোচনাৰ সময়ত ইৰাণ আৰু শান্তি চুক্তিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।
No Result
View All Result