কুকুৰে কামোৰাৰ ফলত প্ৰাণ হেৰুৱালে এজন ভাৰতীয় খেলুৱৈয়ে। এই খেলুৱৈজন আছিল এজন কাবাডী খেলুৱৈ, যি উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ বাসিন্দা আছিল।
লাভ কৰা তথ্য অনুসৰি, খেলুৱৈজনে নলাত পৰি যোৱা এটা কুকুৰ পোৱালিক বচাবলৈ চেষ্টা কৰি আছিল, তেতিয়াই এই কুকুৰটোৱে তেওঁক কামোৰ দিছিল।
পিছে এই ঘটনাৰ পিছতো খেলুৱৈজনে বেজী লোৱা নাছিল, যাৰ বাবে তেওঁ জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। যেতিয়া খেলুৱৈজনৰ শৰীৰত জলাতংক ৰোগৰ লক্ষণ দেখা গৈছিল, তেতিয়া তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসালয়ৰ পৰা গাঁৱলৈ অনাৰ সময়তে বাটতে যন্ত্ৰণাত ভুগি মৃত্যু হয় খেলুৱৈজনৰ।
২৪ বছৰীয়া ব্ৰজেশ সোলাংকি আছিল ৰাজ্যিক পৰ্যায়ৰ এজন সুপৰিচিত কাবাডী খেলুৱৈ। ২৬ জুনত তেওঁৰ মৃত্যু হয়।কিন্তু এই ঘটনাতো চলিত বৰ্ষৰ মাৰ্চ মাহত ঘটিছিল। মাৰ্চ মাহত যেতিয়া এটা কুকুৰ পোৱালি নিজৰ গাঁৱৰ নলাত পৰিল, তেতিয়া ব্ৰজেশে উলিয়াই আনি তাৰ প্ৰাণ ৰক্ষা কৰে। অৱশ্যে কুকুৰ পোৱালিটোৰ প্ৰাণ ৰক্ষা কৰোতে ই তেওঁৰ সোঁহাতৰ আঙুলিত কামুৰি দিয়ে। ব্ৰজেশে এণ্টি ৰেবিজ বেজী এক সৰু কথা বুলি বিবেচনা কৰিলে।
তেতিয়া ব্ৰজেশৰ একো হোৱা নাছিল। কিন্তু ২৬ জুনৰ ৰাতিপুৱা সাৰ পাই দেখে যে তেওঁৰ সোঁহাতখন অৱশ হৈ পৰিছে। দুপৰীয়ালৈকে তেওঁৰ গোটেই শৰীৰটোৰও একেই অৱস্থা হ’ল। তেওঁ অজ্ঞান হৈ পৰিল। এনে পৰিস্থিতিত পৰিয়ালৰ লোকে খৰখেদাকৈ আলিগড়ৰ জীৱন জ্যোতি চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসা মহাবিদ্যালয়তো যেতিয়া তেওঁ সকাহ নাপালে, তেতিয়া পৰিয়ালৰ লোকে তেওঁক মথুৰাৰ আয়ুৰ্বেদিক চিকিৎসা কেন্দ্ৰলৈ লৈ যায়। তাত থকা ঔষধে কিছু সময়ৰ বাবে সকাহ দিছিল যদিও তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিবলৈ ধৰে। ইয়াৰ পিছতে ব্ৰজেশক দিল্লীৰ জিটিবি হাস্পতাললৈ অনা হয়, য’ত ৰোগৰ লক্ষণ দেখাৰ পিছত চিকিৎসকে জলাতংক ৰোগ বুলি নিশ্চিত কৰে। ইয়াৰ পিছত ২৭ জুনত ব্ৰজেশৰ দেহাৱসান হয়।
ব্ৰজেশে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহতেই ৰাজ্যিক পৰ্যায়ত কাবাডীত স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আন আন প্ৰতিযোগিতাতো বহু পদক লাভ কৰিছে। বৰ্তমান তেওঁ প্ৰ’ কাবাডী লীগ ২০২৬ৰ বাবে প্ৰস্তুতি চলাই আছিল।